গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনির্মিত ক্রীড়া প্রকল্পৰ  শুভ উদ্বোধন মুখ্যমন্ত্রীৰ

গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনির্মিত ক্রীড়া প্রকল্পৰ  শুভ উদ্বোধন মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঐতিহ্যমণ্ডিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনির্মিত ক্রীড়া প্রকল্পটোৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয় যে ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাটকটীয়া স্বৰূপ যিকেইখন শিক্ষানুষ্ঠানৰ নাম সততে মনলৈ আহে, তাৰ অন্যতম হৈছে শতিকাগৰকা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই গৌৰৱময় শিক্ষানুষ্ঠানখন ১৮৮৫ চনত স্থাপন হৈছিল। শিক্ষানুষ্ঠানখনৰ হেৰিটেজ বিল্ডিংটোৱে ৰাজ্যৰ শৈক্ষিক উৎকৰ্ষতাৰ দিশত মচিব নোৱাৰা চাপ পেলাই এক সুকীয়া স্বাক্ষৰ বহন কৰি আহিছে। ৰাজ্যৰ আটাইতকৈ পুৰণি বিদ্যালয়সমূহৰ ভিতৰত অন্যতম এই বিদ্যালয়খনে সুদীর্ঘকাল ধৰি মাতৃভাষা মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত এক চহকী পৰম্পৰা উজ্জীৱিত কৰি আহিছে। মাত্র ১৩গৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে স্বকীয়তাৰে কালৰ প্ৰতিটো প্রত্যাহ্বানৰ সম্মুখীন হৈ বিদ্যায়তনিক ক্ষেত্রত ইতিবাচক পৰিৱেশৰ সূচনা কৰি এখন জাকতজিলিকা বিদ্যালয়ৰ ৰূপত সমাজত জ্ঞান আৰু প্ৰজ্ঞাৰ সোঁত বোৱাই নিবলৈ সক্ষম হৈছে। এই বিদ্যালয়খনে চহৰৰ শিক্ষাৰ্থীসকলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ শিক্ষার্থীৰো শিক্ষাৰ ক্ষেত্ৰত প্রতিষ্ঠাকালৰে পৰা এক অগ্রণী ভূমিকা গ্রহণ কৰি সমগ্ৰ অঞ্চলটোৰ ঐতিহ্যত নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে ১৯ শতিকাৰ শেষৰ ভাগত ১৮৮৫ চনত দেৱীচৰণ বৰুৱা, গুৰু প্ৰসাদ বৰুৱা আৰু শ্রীনাথ বেজবৰুৱাৰ প্ৰচেষ্টাত ইংৰাজী শিক্ষাৰ বিস্তাৰৰ উদ্দেশ্যে এই বিদ্যালয়খন আৰম্ভ কৰা হৈছিল। ১৯০০ চনত প্রাইভেট হাইস্কুল হিচাপে এই বিদ্যালয়খনে কলিকতা বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছিল। ১৯১১ চনৰ ২১ নৱেম্বৰত বিদ্যালয়খনৰ চৰকাৰীকৰণ হোৱাৰ লগতে গোলাঘাট চৰকাৰী বেজবৰুৱা হাইস্কুল হিচাপে সুকীয়া পৰিচয়েৰে জিলিকি উঠিছিল। দেৱীচৰণ বৰুৱাৰ পৰা আৰম্ভ কৰি বহুজন গুণী-জ্ঞানী অধ্যক্ষই নিজৰ কৰ্মতৎপৰতা আৰু আদর্শেৰে এই বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধিত বৰঙণি যোগাই গৈছে। এই বিদ্যালয়ত অধ্যয়ন কৰি ইয়াত লাভ কৰা জ্ঞান আৰু প্ৰজ্ঞাৰে সমৃদ্ধ হৈ বহু প্রাক্তন শিক্ষার্থীয়ে দেশে-বিদেশে অসমৰ নাম উজ্জ্বল কৰিছে। শ্বহীদ কুশল কোঁৱৰ অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি। সাংসদ বেদব্রত বৰুৱা, গুৱাহাটী আইআইটিৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই, চন্দ্ৰযানৰ অন্যতম মুখ্য বিজ্ঞানী ড° দীপক কুমাৰ দাস, ভাটনাগৰ বঁটাপ্রাপক বিজ্ঞানী ড° প্রশান্ত বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য দেৱ প্ৰসাদ বৰুৱা, অসমৰ চিনেমা জগতৰ অপ্রমাদী পৰিচালক মুনীন বৰুৱাকে ধৰি অনেক প্ৰতিভাৰ সৃষ্টি কৰি এই বিদ্যালয়খনে অপৰিসীম অৱদান আগবঢ়াই অসম মাতৃক গৌৰাৱান্বিত কৰিছে। বিদ্যালয়খনৰ গৌৰৱময় পৰম্পৰা পুনৰ উজ্জীৱিত কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্রী অজন্তা নেওগ আৰু পৰিচালনা সমিতিয়ে হাতত লোৱা পদক্ষেপৰ কথা ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিদ্যালয়খনৰ প্রায় ১২ বিঘা ভূমিত পূর্বে থকা জৰাজীৰ্ণ ছাত্ৰৱাসৰ পৰিৱৰ্তে ঠাইডোখৰ পুনৰ উজ্জীৱিত কৰি এক ক্রীড়াৰ প্ৰাংগণ নিৰ্মাণ কৰি উলিয়াইছে। নুমলীগড় শোধনাগাৰ কর্তৃপক্ষই কৰ্প’ৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এই প্রকল্পটোৰ নিৰ্মাণৰ বাবে প্রায় ৩.৫০ কোটি টকাৰ যি পুঁজি আগবঢ়ালে তাৰ বাবে তেওঁ শোধনাগাৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰকল্পৰ লগত সংগতি ৰাখি এটা ক্রীড়া সংগ্ৰহালয় নিৰ্মাণৰ যি পদক্ষেপ লোৱা হৈছে সেয়া সঁচাকৈয়ে এক নতুন চিন্তা বুলি অভিহিত কৰি অসমৰ প্ৰতিগৰাকী বিশিষ্ট খেলুৱৈয়ে নিজৰ পদক, জাছী আৰু খেলৰ সামগ্রী এই সংগ্ৰহালয়লৈ অৰিহণা হিচাপে আগবঢ়াই এক নতুন মাত্রা প্রদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে। এই প্ৰকল্পৰ জৰিয়তে ক্রীড়াৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ নয়নমণি শইকীয়া, লাভলীনা বৰগোহাঁইৰ দৰে বহু ক্রীড়া প্রতিভা উজলি উঠিব বুলিও মুখ্যমন্ত্রী ড° শর্মাই আশা প্রকাশ কৰে। তেওঁ লগতে কয় যে অসমৰ পৰম্পৰাগত খেলসমূহক সংৰক্ষণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই সংগ্রহালয়টো সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। তেওঁ লগতে কয় যে ৮ কোটি টকা ব্যয় সাপেক্ষে শিক্ষানুষ্ঠানখনৰ নতুন ভৱন নিৰ্মাণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে। বিদ্যালয় কর্তৃপক্ষই ঐতিহাসিক ভৱনটোৰ সংৰক্ষণৰ বাবে যি পৰামৰ্শ আগবঢ়াইছে সেই দিশত যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় বিধায়কগৰাকীক মুখ্যমন্ত্রী ড° শর্মাই আহ্বান জনায়। তেওঁ কয় যে গোলাঘাট জিলা সকলো ক্ষেত্রতে আগুৱাই গৈছে। আজি ধনশিৰি নৈৰ পানীৰে গোলাঘাট নগৰৰ ৫৫ হাজাৰ লোকক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ১৩০ কোটি টকা ব্যয় সাপেক্ষে এখন আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে। গোলাঘাট জিলা অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, কর্কট হাস্পতাল, উপায়ুক্তৰ কাৰ্যালয়, অসম মালাৰ জৰিয়তে বাট-পথকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত আজি সমগ্র জিলাখন উজলি উঠিছে। আজিৰ এই অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্য প্রসাদ তাছা, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, মৃণাল শইকীয়া, বিশ্বজিৎ ফুকনৰ উপৰি জিলা আয়ুক্ত পুলক মহন্ত, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচার্য জি চিংগায়াহ, এন আৰ এলৰ মুখ্য মহাপ্ৰবন্ধক (অপাৰেচন) শুভন কোঁৱৰ, গোলাঘাট পৌৰসভাৰ সভানেত্রী দুলুমণি বৰবৰা, আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই গোলাঘাট জিলাৰ ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত প্রায় ৭.৯৪ কোটি টকা ব্যয়েৰে ৬খন টেবুল টেনিছ ব’ৰ্ড আৰু ৫খন বেডমিন্টন ক’ৰ্ট সংযুক্ত কৰি আন্তঃৰাষ্ট্ৰীয় মানেৰে নিৰ্মাণ কৰা দুমহলীয়া এই ইনড’ৰ ষ্টেডিয়ামৰ নৱ সংযোজনে গোলাঘাট জিলাৰ ক্রীড়া ক্ষেত্ৰখনক নতুন ৰূপ প্রদান কৰি খেলুৱৈসকলক বিশেষভাৱে সহায় কৰিব।