গোলাঘাট চাৰু কলা বিদ্যালয়ৰ সদস্য আৰু জেষ্ঠ শিক্ষাৰ্থীৰ চিত্ৰ প্ৰদৰ্শনী তথা বাৰ্ষিক আলোচনী “দৃষ্টি” উন্মোচন
ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট চাৰু কলা বিদ্যালয়ৰ সদস্য আৰু জেষ্ঠ শিক্ষাৰ্থীৰ চিত্ৰ প্ৰদৰ্শনী লগতে শিল্প ভাৱনাৰ বাৰ্ষিক আলোচনী “দৃষ্টি” উন্মোচনৰ এক সুন্দৰ তথা গাম্ভীয্য পূৰ্ণ অনুষ্ঠান— ২৮ জানুৱাৰী,২০২৩ । ১৫ জন চিত্ৰ শিল্পীৰ প্ৰায় ৩৬ খন চালে চকু ৰোৱা চিত্ৰ। অনুষ্ঠানটিত থাকি মন ভৰি আহিল। উল্লেখ যে আৰ্টৰ বিষয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ পৰা প্ৰথম আৰ্ট বিষয়ক আলোচনী “চিহ্ন” প্ৰকাশ কৰি আহিছে, ইয়াৰ পিছতে দ্বিতীয় খন আলোচনী”দৃষ্টি” একেৰাহে প্ৰকাশ হৈছে গোলাঘাট চাৰু কলা বিদ্যালয়ৰ পৰা । গোলাঘাটৰ বাবে অতি গৌৰৱৰ কথা।মনজিৎ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটিত দৃষ্টিখন উন্মোচন কৰে শিক্ষাবিদ শ্রী হীৰেন গগৈ চাৰে। উদ্বোনী ভাষণ প্ৰদান কৰে বিজ্ঞানী ডঃ পদ্মেশ্বৰ গগৈ চাৰে। দুগৰাকীয়েই অতি সাৰুৱা ভাষণ আগবঢ়ায়। নিজ নিজ চমু ভাষণ আগ বঢ়ায় বিপুল কুমাৰ ঠাকুৰ, বিদ্যাধৰ শইকীয়া, পাপৰি বৰুৱা, পাৰিজাত বৰুৱা আৰু মৃগাংক বৰুৱাই। মুঠতে ছবি, নীলমণি ফুকনৰ কবিতাৰ আলোচনাই সকলোকে ২৮ জানুৱাৰীৰ আবেলিটো মুগ্ধ কৰি ৰাখে। আজিৰ অনুষ্ঠান ৰ বিষয়ে বিস্তৃত বিৱৰণ আগবঢ়ায় চিত্ৰ শিল্পী শ্ৰী ভৱকান্ত শইকীয়াই।
