গোলাঘাট ক’লা বিথীকাত প্ৰথম বাৰলৈ “Layers” শীৰ্ষক ডিজিটেল মাধ্যমৰ চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ

গোলাঘাট ক’লা বিথীকাত প্ৰথম বাৰলৈ “Layers” শীৰ্ষক ডিজিটেল মাধ্যমৰ চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট কলা শিৰোমণি প্ৰদীপ চলিহা সোঁৱৰণি শিল্প ক্ষেত্ৰ তথা গোলাঘাট কলা বিথীকাৰ উদ্যোগত আৰু গোলাঘাট চাৰু কলা বিদ্যালয়ৰ সহযোগত প্ৰথমবাৰলৈ “Layers” শীৰ্ষক ডিজিটেল মাধ্যমৰ চিত্ৰ প্ৰদৰ্শনী এখন আৰম্ভ হয়। এনে এটি গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে প্ৰবক্তা তথা লেখক অপূর্ব ৰঞ্জন দত্ত, প্রয়াস একাডেমিৰ অধ্যক্ষ যতীন্দ্ৰ নাথ শইকীয়া আৰু লেখক তথা কবি মৃগাংক বৰুৱা। এখেত সকলে চমু বক্তৃতা ৰ দ্বাৰা উদীয় মান চিত্ৰ শিল্পী সকলক উৎসাহ যোগায়। জনপ্ৰিয় চিত্ৰ শিল্পী মনজিৎ ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি তিনি জনক একোখনকৈ ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱা হয়। উদীয়মান চিত্ৰ শিল্পীৰ ৪২ খন ছবিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। স্বনামধন্য চিত্ৰ শিল্পী ভৱকান্ত শইকীয়া আৰু মনজিৎ ৰাজখোৱাৰ দৰে শিল্পীৰ প্ৰচেষ্টাত এই প্ৰদৰ্শনী জিলিকি উঠিছে। এই প্ৰদৰ্শনীত গৌৰঙ্গ গগৈ, সুপৰিয়া নাথ, গুৰুদ্দিপ সিং, অতৃভ সিংহা, আৰয়ন শইকীয়া, থিনচু গগৈ, আয়ান দাস, মিনাক্ষী গগৈ, লাকি বৰগোঁহাই, শিৱম কাত্যাল, প্ৰিয়ানুচ সন্দিকৈৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। এই শুভাৰম্ভ সভা খনৰ শলাগৰ শৰাই আগবঢ়ায় ভৱকান্ত শইকীয়াই।