গোলাঘাটৰ শতবৰ্ষ গৰকা যদুমনি ছপাখানা

গোলাঘাটৰ শতবৰ্ষ গৰকা যদুমনি ছপাখানা

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ১০০ বছৰ, এক বিশাল পৰিক্ৰমা। সুদীৰ্ঘ । ১৯২২ চনৰ পৰা 2022 চন লৈকে গোলাঘাটৰ যদুমনি ছপাখানাই ৰাজহুৱা জীৱন তথা সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। প্ৰয়াত পূৰ্ণ চন্দ্ৰ গোস্বামীদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক গৌৰৱ উজ্জ্বল “যদুমণি ছপাখানাই শতায়ো গৰকি লে ৩১ জানুৱাৰী,২০২২ তাৰিখে। এই এশ তা বছৰ বুকুত বান্ধি এক নতুন যাত্ৰাৰ বাবে সাজু হৈছে যদুমণি ছপাখানা। শত বৰ্ষ উদযাপনৰ আজি প্ৰথম দিনটোত শুভাৰম্ভণি হিচাপে ছপা খানাটিৰ বাকৰিত এটি অনুষ্টুপিয়া বৈঠক অনুষ্ঠিত কৰে যদুমণি ছপাখানাৰ কৰ্ণধাৰ ক্ষীৰোদ কুমাৰ গোস্বামীয়ে। উক্ত বৈঠকতে যদুমণিৰ পুৰণি চিত্ৰ সম্বলিত এখন সুন্দৰ কেলেণ্ডাৰ উন্মোচন কৰে গোলাঘাটৰ প্ৰবীণ মুদ্ৰাকৰ শ্ৰীযুত সুষদেৱ দত্তদেবে । উক্ত বৈঠকত উপস্থিত থাকে সৰ্বশ্ৰী লক্ষ্মীপ্ৰিয়া বৰদলৈ, মৃগাংক বৰুৱা, ডঃ প্ৰাপ্তি ঠাকুৰ, অৰূপা নাথ, অনিল শৰ্মা, উৎপল বৰা, ৰঞ্জন চাংমাই, ডাঃ অজিত বৰুৱা, বাপি দত্ত, দিপু কলিতা, বিপদ ৰঞ্জন সাহা । এই বৈঠকত থাকিবলৈ পাই সকলোৱে সন্তোষ প্ৰকাশ কৰিছে।