গোলাঘাটৰ বৰপথাৰ জুনিয়ৰ কলেজৰ সৌজন্যত “পৰাগ প্ৰতিম গ্ৰন্থ”-যাত্ৰা
ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ বৰপথাৰ জুনিয়ৰ কলেজৰ সৌজন্যত “পৰাগ প্ৰতিম গ্ৰন্থ”-যাত্ৰাত উপস্থিত থাকে বহুতো ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক , শিক্ষয়ত্ৰী তথা বিভিন্ন ব্যক্তি। এই গ্ৰন্থ যাত্ৰা আৰম্ভ হয় ২০০৩ চনৰ ৩ নবেম্বৰত। আজিলৈকে ৫৩১ টা স্থানত এই যাত্ৰা সম্পন্ন হয়। এই গ্ৰন্থৰ বাছ খনেৰে গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আৰম্ভণি কৰে গোলাঘাটৰ বিশিষ্ট ব্যক্তি শ্ৰী যুত ক্ষীৰোদ কুমাৰ গোস্বামীদেৱে। ২০০২ চনত তেখেতৰ পুত্ৰ পৰাগ প্রতিম গোস্বামীৰ অকাল বিয়োগৰ ফলত তেঁওৰ স্মৃতিত এই গ্ৰন্থ যাত্ৰাৰ আৰম্ভণিৰে ছাত্ৰ , ছাত্ৰীৰ কাষলৈ সহজে গ্ৰন্থ লৈ যোৱাৰ কাম আৰম্ভ কৰে। আজিৰ অনুষ্ঠানৰ সুভাৰম্ভণিৰ ফিটা কাটি ধনশিৰি মহকুমাৰ দণ্ডাদিশ প্ৰিয়ম জ্যোতি ফুকনে তেখেতৰ ভাষণত এই গ্ৰন্থ যাত্ৰাৰ অনুভৱ ব্যক্ত কৰে। উদ্দেশ্য ব্যাখ্যা কৰে মৃগাংক বৰুৱাই। ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কেনেকৈ প্ৰতিযোগিতা মূলক পৰীক্ষাত সফল হব পাৰি তাৰ বিষয়ে কয় নিমন্ত্রিত অতিথি প্ৰাক্তন সেনা বিষয়া দীপ কলিতাদেৱে।উপস্থিত ৰাইজে এনে এটি গ্ৰন্থ যাত্ৰাক নিমন্ত্ৰণ কৰি অনা বাবে বৰপথাৰ জুনিয়ৰ কলেজৰ অধক্ষ্য দীপামণি কোঁচ ভৰালীক সকলোৱে প্ৰশংসা কৰে।