গোলাঘাটৰ ফৰ্কাঢি‌‌ঙত পথদুর্ঘটনাত থিতাতে নিহত এজন যুৱক

গোলাঘাটৰ ফৰ্কাঢি‌‌ঙত পথদুর্ঘটনাত থিতাতে নিহত এজন যুৱক

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটত দিনক দিনে বৃদ্ধি পাইছে তীব্ৰবেগী ডাম্পাৰ চালকৰ উদ্ভণ্ডালি। মঙলবাৰে সন্ধিয়া ফকাটিংৰ শিঙিজান দলঙৰ সমীপত AS 02B 5585 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ খুন্দাত AS 03W 4540 নম্বৰৰ এখন Alto চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাব লগা হল Alto চালক অংকুৰ শইকীয়া। গোলাঘাট আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এই দুৰ্ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনা স্থলীত উপস্থিত হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।আনফালে নিহত হোৱা Alto চালক অংকুৰ শইকীয়া নগবাটৰ বাসিন্দা আৰু ফৰ্কাঢি‌‌ঙ মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল।