গোলাঘাটৰ জামুগুৰি প্ৰেছ ক্লাবত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টাসহ প্ৰতিনিধিৰ দল

গোলাঘাটৰ জামুগুৰি প্ৰেছ ক্লাবত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টাসহ প্ৰতিনিধিৰ দল :: দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াৰে সৌজনীমূলক সাক্ষাৎ

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব মূখ্য উপদেষ্টা বাসৱ কলিতা, সভাপতি প্ৰদীপ দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্ৰীমন্ত দাসকে আদি কৰি কেইবাজনো বিষয়ববীয়াই ধনশিৰী জিলা ভ্ৰমণ কৰিবলৈ আহি জামুগুৰি প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ত দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলৰ লগত সৌজন্যমূলক সাক্ষাৎ কৰে। আনহাতে এই অনুষ্ঠানতে দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলে মেৰাপানী জিলা ঘোষণা কৰা, দৈয়াঙৰ কৰ্মচাৰী সকলৰ মাটিৰ পতা প্ৰদান কৰা, দৈয়াঙৰ কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰা আদিকে ধৰি কেইবাটাও দাবী জনাই কেদ্ৰীয় বিষয়ববীয়াকেইজনৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি অজিত শইকীয়া, উপ-সভাপতি লীলাধৰ শইকীয়া,মদন গগৈ, সম্পাদক প্ৰবীণ গগৈ, সাংগঠনিক সম্পাদক মৃদুল বৰা, প্ৰফুল্ল বৰুৱা আদিৰ লগতে গোলাঘাট জিলাৰ কেইবাগৰাকী বিষয়ববীয়া আৰু দৈয়াং আঞ্চলিকৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি দাবিসমূহ প্রদান কৰে।