গোলাঘাটৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়া বানত প্ৰভাৱিত গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বান দুৰ্গতৰ কাষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। আশ্রয় শিবিৰসমূহত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দুখ-দুৰ্গতিৰ বুজ লোৱাৰ লগতে তেওঁ সামগ্রিকভাৱে বানত হোৱা ক্ষয়-ক্ষতিৰ বিষয়েও আলোচনা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই প্রথমে সৰুপথাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান আশ্রয় শিবিৰটো পৰিদৰ্শন কৰে। সৰুপথাৰ ৰাজহ চক্রত সম্প্রতি বানত বর্তমানলৈকে মুঠ ৩১খন গাঁৱৰ ১,৭০৮জন লোক প্রভাৱিত হৈছে। অঞ্চলটোত ৪৫১.৭ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্রস্ত হৈছে। জিলা প্রশাসনে সৰুপথাৰ ৰাজহ চক্ৰত বৰ্তমানলৈ মুঠ ৪টা আশ্রয় শিবিৰ স্থাপন কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই পৰিদৰ্শন কৰা শিমলু চাপৰি প্ৰাথমিক বিদ্যালয় স্থাপন কৰা শিবিৰটোত ১০৪ গৰাকী শিশু তথা কিশোৰ-কিশোৰী, ১০৮ গৰাকী মহিলাসহ মুঠ ২৭৭ গৰাকী বানাক্ৰন্তই আশ্রয় লৈ আছে। মুখ্যমন্ত্রী ড° শর্মাই এই বানাক্ৰান্তসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। এই পৰিদৰ্শনকালতে তেওঁ শিবিৰটোত আশ্ৰয় লৈ থকা শিশু তথা কিশোৰ-কিশোৰীসকলৰ সৈতে কিছুসময় অতিবাহিত কৰাৰ উপৰি একাংশৰ সৈতে কেৰম খেলটো অংশগ্ৰহণ কৰে।
তেওঁ ১নং শিঙিমাৰী গাঁও নিৱাসী এই শিশু তথা কিশোৰ-কিশোৰীসকলৰ লগত ক্রিকেট, ফুটবলকে ধৰি বিভিন্ন খেলৰ সামগ্রী বিতৰণ কৰিবলৈ জিলা প্রশাসনক নির্দেশ দিয়ে। তেওঁ বানত প্ৰভাৱিত লোকসকলৰ ক্ষয়-ক্ষতিৰ এক জৰীপ কৰাৰ লগতে ক্ষতিপূৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। আনহাতে, অঞ্চলটোত গৰাখহনীয়া সমস্যাৰ নিৰসনৰ অৰ্থে যাৱতীয় পদক্ষেপ গ্রহণ কৰাৰো তেওঁ আশ্বাস প্রদান কৰে। শিবিৰটোত থকা বয়োজ্যেষ্ঠ লোকসকলক সেৱা কৰি আশিস গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। আনহাতে, বানপানীত মৃত্যুমুখত পৰা মংগল ওৰফে মংলু ভূমিজৰ পত্নী-পুত্রসহ পৰিয়ালটোক আশ্রয় শিবিৰতে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকক নিজাববীয়াকৈ সহায়ৰ হাত আগবঢ়োৱাৰো প্রতিশ্রুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিমলু চাপৰি প্ৰাথমিক বিদ্যালয় চৌহদত স্থাপিত বিশেষ স্বাস্থ্য শিবিৰটোও তেওঁ পৰিদৰ্শন কৰে। লগতে গৰ্ভৱতী মহিলা, বয়োজ্যেষ্ঠ ব্যক্তি তথা শিশুসকলে বিশেষভাৱে যাতে স্বাস্থ্য সেৱাৰ পৰ্যাপ্ত সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈও মুখ্যমন্ত্রী ড° শর্মাই নির্দেশ দিয়ে।
এই পৰিদৰ্শনকালত বিত্তমন্ত্রী অজন্তা নেওগ, সাংসদ কামাখ্যা প্রসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰি জিলা আযুক্ত তথা আৰক্ষী অধীক্ষকসহ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্রীয়ে আজি মৰঙি ৰাজহ চক্ৰৰ অন্তৰ্গত জাঠীপটীয়া মিঠা আম চাপৰিত উপস্থিত ধনশিৰি নদীৰ গৰাখহনীয়াত প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। শেহতীয়া বানত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ কেইবাসহস্র লোক ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁ জলসম্পদ বিভাগৰ মন্ত্ৰীক অঞ্চলটো ভ্রমণ কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ অৰ্থে ব্যৱস্থা গ্ৰহণৰ বাবে নির্দেশ প্রদান কৰিব। তেওঁ জলসম্পদ বিভাগে ধনশিৰি নদীৰ বাঁওপাৰে গোলাঘাট চহৰৰ পৰা নুমলীগড় শোধনাগাৰ পৰ্যন্ত নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা মথাউৰি প্ৰকল্পৰ বিষয়েও বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। ইয়াৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান আশ্রয় শিবিৰ ভ্ৰমণ কৰি তাত আশ্রয় লৈ থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। এই পৰিদৰ্শনকালতো তেওঁ কয় যে শেহতীয়া বানত যিসকল লোকৰ বাসগৃহ সম্পূর্ণভাৱে নষ্ট হৈছে, তেনে লোকক আর্থিক সাহায্য প্রদান কৰা হ’ব। এই পৰিদৰ্শনকালত কৃষিমন্ত্রী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়াও উপস্থিত থাকে। মুখ্যমন্ত্রী ড° শর্মাই বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান আশ্রয় শিবিৰটো পৰিদৰ্শন কৰে। শিবিৰটোত আশ্ৰয় লৈ থকা বান ক্ষতিগ্রস্তসকলৰ সৈতে বার্তালাপ কৰি তেওঁলোকৰ বৰ্তমানৰ অৱস্থাৰ সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয়। এই শিবিৰটোত ১১২টি শিশু, দুগৰাকী দিব্যাংগ, ২২৪ গৰাকী মহিলাসহ মুঠ ৫৬৮ গৰাকী বানাক্ৰান্তই আশ্রয় লৈ আছে। বান ক্ষতিগ্রস্তসকলৰ পুনৰ সংস্থাপন তথা ক্ষতিপূৰণৰ ব্যৱস্থাৱলী সময় নির্ধাৰিতভাৱে প্ৰদান কৰিবলৈ জিলা প্রশাসনক তেওঁ নির্দেশ দিয়ে। তেওঁ লগতে বানত ক্ষতিগ্রস্ত কৃষকসকলক বীজ প্রদানৰ ব্যৱস্থা কৰিবলৈও কৃষিমন্ত্রী তথা স্থানীয় বিধায়ক অতুল বৰাক আহ্বান জনায়। গোলাঘাট জিলাৰ প্ৰতিটো আশ্রয় শিবিৰতে জিলা প্রশাসনে বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষাৰ লগতে অত্যাৱশ্যকীয় ঔষধ প্ৰদানৰ ব্যৱস্থা কৰিছে।