গোলাঘাটত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে একতা পদযাত্ৰা আয়োজন

গোলাঘাটত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে একতা পদযাত্ৰা আয়োজন

ৰূপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্ম জয়ন্তী উদযাপন উপলক্ষে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আৰু গোলাঘাট জিলা প্রশাসনৰ উদ্যোগত অলপতে গোলাঘাটত এটি একতা পদযাত্ৰা আয়োজন কৰা হয়। পুৱা ৯ বজাত গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাটো কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই ফ্লেগ অফ কৰে। পদযাত্ৰাত জিলা আয়ুক্ত গৰাকী, জ্যেষ্ঠ জিলা আৰক্ষী অধীক্ষক গৰাকী, বিভিন্ন বিভাগীয় বিষয়া, সমাজকৰ্মী, নেশ্যনেল কেডেট কৰ্পছ (এনচিচি), নেশ্যনেল চাৰ্ভিচ স্কিম (এনএছএছ), স্কাউটছ আৰু গাইডছ, অসামৰিক প্ৰতিৰক্ষা বাহিনী, সচেতন নাগৰিক, সাংবাদিক, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্র-ছাত্ৰী তথা গোলাঘাটবাসী ৰাইজসহ ১৫০০ৰো অধিক অংশগ্ৰহণকাৰী উপস্থিত আছিল। ঐক্য, অখণ্ডতা আৰু ৰাষ্ট্ৰীয় চেতনাৰে মুখৰিত পদযাত্ৰাটোৱে নগৰখনৰ বিভিন্ন পথ পৰিক্ৰমা কৰি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত সমাপ্ত হয়। পদযাত্ৰাৰ অন্তত এক সংক্ষিপ্ত অনুষ্ঠানত সকলো উপস্থিতজনে এটি একতা শপথ গ্ৰহণ কৰে, যাৰ পাছত এক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হয়। এই একতা পদযাত্ৰাৰ মূল উদ্দেশ্য আছিল দেশৰ একতা, অখণ্ডতা আৰু ভাতৃত্বৰ বোধ সুদৃঢ় কৰি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ আৰু দেশপ্ৰেমৰ চেতনাক আগবঢ়োৱা।