গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ শীতল পানীয়ৰ বটল নিক্ষেপ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ শীতল পানীয়ৰ বটল নিক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট জিলা ভ্ৰমণৰ সময়ত জিলা কংগ্ৰেছে প্রতিবাদৰ নামত এক প্ৰকাৰ গুণ্ডাগিৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনির্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ যোৱাৰ সময়তে একাংশ কংগ্রেছ কর্মীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে। আনকি প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ কনভয়লৈ শীতল পানীয়ৰ বটল দলিয়াই চূড়ান্ত অসভ্যালি কৰে। প্ৰতিবাদকাৰীসকলে কৰ্তব্যৰত আৰক্ষীৰ সৈতেও খণ্ডযুদ্ধত লিপ্ত হয়। কংগ্ৰেছ প্রতিবাদকাৰীসকলে গীৰ গাইৰ প্ৰসংগত উপযুক্ত তদন্তৰ দাবী ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। জিলা কংগ্ৰেছ ভৱনৰ চৌহদত বিৰোধী দলটোৰ প্ৰতিবাদকাৰীসকলে ৰূপায়ণ কৰা এই প্রতিবাদক আৰক্ষীয়ে বাধা প্রদান কৰাত দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই প্রতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত প্ৰতিবাদকাৰীৰ মাজৰে পৰা কোনো লোকে মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি শীতল পানীয়ৰ বটল দলিয়ায়। ঘটনা সন্দর্ভত গোলাঘাট আৰক্ষীয়ে প্রদেশ যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পার্থসাৰথি বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। ইফালে, সমগ্র ঘটনা সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্ৰিয়া প্ৰকাশ কৰি কয়- কংগ্রেছে যদি মোৰ বিৰুদ্ধে প্রতিবাদ নকৰে, তেনেহ’লে তেওঁলোকৰ খানা কিদৰে চলিব? যদি ১২-১৩জন কংগ্ৰেছ ল’ৰাই মোৰ কথাত আপত্তি নকৰে, তেন্তে গুৱাহাটীত তেওঁলোকে কি উত্তৰ দিব? ইমান গৰমত যিকেইজন কংগ্ৰেছৰ ল’ৰাই আহি কষ্ট কৰিছে তেওঁলোকক সমবেদনা জনাব লাগে, ধন্যবাদ জনাব লাগে। ইয়াত বেয়া পাব লগা একো নাই। ইফালে, কংগ্ৰেছ প্রতিবাদকাৰীয়ে বটল দলিওৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়-বটল দলিয়াওক, মোৰ গাত পৰিলে আৰু ভাল হ’ল হয়।