গোলাঘাটত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

Pc Mint

গোলাঘাটত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  অলপতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী পেঞ্চনাৰসকলৰ সুবিধাৰ বাবে পেঞ্চনৰ কামসমূহ নিয়াৰিকৈ সম্পন্ন কৰাৰ অৰ্থে ৰাজ্য চৰকাৰৰ ‘কৃতজ্ঞতা’ আঁচনিৰ অধীনত গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্য্যালয়ত এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই। ইয়াতে ভাষণ প্ৰসংগত তেখেতে জানিবৈ দিয়ে যে আগষ্ট মাহতে প্ৰস্তাৱিত ৫খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পৰাকৈ প্ৰয়োজনীয় কাম- কাজ সম্পূৰ্ণ কৰি তোলা হৈছে। এই সভাখনত বহুতো গণ্য-মান্য ব্যক্তি তথা চৰকাৰী বিষয়া সকল উপস্থিত আছিল।