গোলাঘাটত নাৰ্ক’টিকছ বিভাগৰ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটত নাৰ্ক’টিকছ বিভাগৰ অভিযান। এখন বিলাসী বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্রাগছ। ছিটৰ তলত গাড়ীৰ বডী কাটি বেলেগকৈ চেম্বাৰ বনাই ড্ৰাগছ সৰবৰাহ এজন আশী বছৰীয়া বৃদ্ধৰ। ড্ৰাগছ সৰবৰাহকাৰী বৃদ্ধৰ নাম নৰেন দত্ত। মণিপুৰৰ পৰা WB-52X-2363 নম্বৰৰ গাড়ী চলাই ড্ৰাগছ সৰবৰাহ কৰিছিল নৰেন দত্তই। নার্ক’টিক বিভাগে শিৱসাগৰৰ জাঁজীত নিশা প্রথমে জব্দ কৰে গাড়ীখন। ড্ৰাগছখিনি ফৰকাটিঙত দিয়াৰ কথা আছিল বাবেই গোলাঘাট জিলাৰ তেতেলীতলত গাড়ীৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছখিনি। ২৫টা চাবোনৰ বাকচত ভৰাই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্রায় ২০ লাখ টকা হ’ব। নার্ক’টিক বিভাগে নৰেন দত্তক নিজৰ জিম্মাত লৈছে। উল্লেখ্য যে নুমলীগড়ৰ বাসিন্দা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বৃদ্ধ নৰেন দত্তক কিছুদিনৰ আগতে গোলাঘাট আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। জে’লৰ পৰা ওলায়ে পুনৰ আৰম্ভ কৰে ড্ৰাগছৰ ব্যৱসায়।
