গোলাঘাটত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত বাবা শ্যামৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে গোলাঘাট আৰক্ষীৰ গুলীত আহত হোৱা বাবা শ্যাম নামৰ লোক জনে। বিগত ১২ টা দিন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাচত মৃত্যুক আঁকোৱালি লয় বাবা শ্যামে । যোৱা ৩০ এপ্ৰিলৰ দিনৰ ভাগত গোলাঘাটৰ কুমাৰপট্টিত চোকা অস্ত্ৰৰে দুগৰাকী লোকক আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছিল বাবা শ্যামৰ বিৰুদ্ধে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতে বাবা শ্যামক উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈছিল বাবা শ্যাম। পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে, মানসিকভাৱে অসুস্থ আছিল বাবা শ্যাম। আৰু এই ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে কুমাৰপট্টিত। বাবা শ্যামৰ পৰিয়াল তথা ৰাইজৰ প্ৰশ্ন, আৰক্ষীক গুলীওৱাৰ অধিকাৰ কোনে দিলে? বাবা শ্যামক গুলিওৱাৰ পৰিৱৰ্তে জে’লত ভৰাই নথ’লে কিয়? আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ন্যায়ৰ দাবী তুলি পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব চৰকাৰক ল’বলৈ আহ্বান জনাই স্থানীয় ৰাইজে।