গোলকীয় উষ্ণতা বৃদ্ধিয়ে আমাৰ জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে ?
দেবর্ষি গৌতম
বনগাঁও
পৃথিৱীৰ গোলকীয় উষ্ণতাৰ ভাৰসাম্য অটুট থকাটো পৃথিৱীত বসবাস কৰা যিকোনো স্তৰৰ জীৱকুলৰ বাবে অতিকৈ প্ৰয়োজনীয়। কিন্তু হয়তো বৰ্তমান সময়ত গোলকীয় উষ্ণতাৰ ভাৰসাম্য অন্তত আমাৰ দেশ অথবা ৰাজ্যখনত অটুট থকা যেন অনুভৱ হোৱা নাই। ইতিমধ্যে দেশৰ লগতে ৰাজ্যখনৰো প্ৰায় প্ৰতিটো প্ৰান্তকে সহিব নোৱাৰা গৰমে দহি আছে। দেশ তথা ৰাজ্যখনত অভাৱনীয় হাৰত গৰমৰ প্ৰকোপ বৃদ্ধিৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। খেতিৰ পৰা আৰম্ভ কৰি মানৱ জীৱনৰ দৈনন্দিন কাৰ্য্যলৈকে প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে পৰা পৰিলক্ষিত হৈছে। সেউজীয়া গছ গছনি অবিহনে যে জীৱকুলৰ জীৱন নিৰ্বাহ কৰাটো এই পৃথিৱীত সম্ভৱ নহয় সেই কথা আমি ভালদৰে জানো। কিন্তু তাৰ পিছতো বিভিন্ন ধৰণৰ নিৰ্মানকাৰ্য কৰাৰ স্বাৰ্থত হিচাপ বিহীনভাৱে সেউজীয়া বননি কাটি তহিলং কৰিছোঁ। কেৱল আৰু কেৱল নিজৰ বাবে কিছু সুবিধা লাভ কৰিবলৈ এই কাৰ্য সমাপন কৰা হৈছে। কিন্তু এনে নহয় যে বৰ্ধিত জনসংখ্যাৰ বাবে এনেধৰণৰ সুবিধা সমূহ আমাৰ বাবে অপ্ৰয়োজনীয়। নিশ্চিতভাৱে এনেধৰণৰ সুবিধাৰ সমূহৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। যিদৰে আমি আমাৰ প্ৰয়োজনীয় সুবিধাসমূহ নিৰ্মান কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছোঁ ঠিক তেনেদৰে যদি আমি এটা ঠাইত গছ-গছনি কটাৰ বিপৰীতে অন্য এঠাইত সমপৰ্য্যায়ৰ নাইবা অলপ বেছি পৰিমানে গছ-গছনি ৰোপণ কৰাৰ বাবে পদক্ষেপ হাতত লালোহেঁতেন তেনেহলে হয়তো আমি আজিৰ এই পৰিস্থিতিৰ সন্মুখীন হব লগীয়া নহ’লহেঁতেন। উৎকট গৰমৰ প্ৰকোপ সয্য কৰিব নোৱাৰি দেশৰ লগতে ৰাজ্যখনৰো বিভিন্ন স্থানত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে। আজিৰ সময়ত যিদৰে গছ-গছনিৰ সংখ্যা প্ৰতিদিনে হ্ৰাস হৈ গৈ আছে ঠিক একেদৰে কিন্তু বিভিন্ন শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ উপৰিও বিভিন্ন ধৰণৰ অত্যাধুনিক যন্ত্ৰ তথা গাড়ী মটৰৰ সংখ্যা বৃদ্ধিয়ে পৰিবেশৰ উষ্ণতাক সাধাৰণ উষ্ণতাৰ পৰিবৰ্তে যথেষ্ট বৃদ্ধি কৰাত ইন্ধন যোগাইছে। যদি আমি উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত এক দীঘলীয়া পৰ্যালোচনা কৰিবলৈ যাওঁ তেনেহলে উপৰোক্ত কাৰণ সমূহৰ উপৰিও আৰু অধিক কাৰণ দেখিবলৈ পাম। প্ৰতি বছৰে গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধিৰ যি হাৰ সেয়া ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। যদি এনেদৰে গোলকীয় উষ্ণতা প্ৰতি দিনে বৃদ্ধি হৈ গৈ থাকে তেনেহলে পৃথিৱীত জীৱকুল জীয়াই থকাৰ সম্ভাৱনীয়তা অতি সোনকালে নোহোৱা হোৱাৰ উপক্ৰম হব। আমি দেশ তথা ৰাজ্যখনৰ এগৰাকী শিক্ষিত নাগৰিক হোৱাৰ সুবাদতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত লবলগীয়া কিছুমান সাৱধানতা অৱলম্বন কৰাৰ সময় কিন্তু সমাগত। আনে কৰিব বুলি যদি আমি হাত সাৱটি বহি থাকোঁ তেনেহলে কিন্তু আমাৰ পিছৰ প্ৰজন্মৰ বাবে এই সমস্যা কিমান ভয়াবহ হব সেয়া হয়তো আমি কল্পনাও কৰিব নোৱাৰিম। আমি নিজে সজাগ আৰু সচেতন হৈ নিজৰ ঘৰখনৰ চৌপাশ যদি সেউজীয়া কৰি ৰাখিবলৈ যত্ন কৰোঁ তেনেহলে হয়তো এনে এটা দিন আহিব যিদিনা অন্য ঠাইৰ তুলনাত আমি গোলকীয় উষ্ণতাৰ বিৰুদ্ধে বিশেষ একো ব্যৱস্থা নোলোৱাকৈয়ে সুন্দৰ ভাবে জীয়াই থকাৰ এক পৰিবেশ সৃষ্টি হব। এটা কথা সদায় মনত ৰখা উচিত যে গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ হৈছে মানৱ সমাজৰ দ্বাৰা কৰা কৰ্মৰ ফল। গতিকে এই সমস্যা সমাধানৰ বাবেও কিন্তু মানৱ সমাজে নিজে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি এদিন এনে এক পৰিস্থিতিৰ মাজলৈ সোমাই যাম যৰ পৰা ওলাই অহাটো একেবাৰে অসম্ভৱ হৈ পৰিব। কেৱল আপোনাৰ সজাগতা আৰু সচেতনতাৰ দ্বাৰাহে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হৈ উঠিব। আহক আমি সকলোৱে ব্যক্তিগতভাৱে নিজৰ ঘৰখনৰ চৌপাশ সেউজীয়া কৰি গঢ়ি তুলি এই যাত্ৰাৰ আৰম্ভণি কৰোঁ।