গোবিনপুৰ প্ৰাথমিক বিদ্যালয়ত ৰঙালী বিহু আদৰণি ; মাতৃ গোটে দীৰ্ঘ সময় ধৰি মুকলি বিহু পৰিৱেশন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত আগশাৰীৰ প্ৰাথমিক বিদ্যালয় গোবিনপুৰ প্ৰাথমিক বিদ্যালয়ত আজি ৰঙালী বিহু আদৰণী অনুষ্ঠান উদযাপন কৰা হয়। বিদ্যালয় কৰ্তৃপক্ষ, পৰিচালনা সমিতি, মাতৃ গোট, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে অতি আড়ম্বৰপূৰ্ণ ব’হাগী আদৰণী অনুষ্ঠান উদযাপন কৰে। বিহু আদৰণী উপলক্ষে আজি পুৱা ন’ বজাত বিদ্যালয়খনত সমবেত সকলোকে মূল তোৰণৰ বাহিৰৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে আদৰণী জনায়। তাৰপিছত ব’হাগী আদৰণী অনুষ্ঠানটো উদ্বোধন কৰে মাজুলীৰ বিশিষ্ট শিল্পী তথা মাজুলী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্যবাহী বিষয়া দিব্যজ্যোতি শইকীয়াই। বিদ্যালয়ৰ প্ৰধান শিক্ষক অসীম দত্তই আদৰণী ভাষণ দিয়া অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সৰ্বশিক্ষাৰ খণ্ড সমল সমন্বয়ক মনোৰঞ্জন কলিতাই অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছত বিদ্যালয়ৰ ছাত্ৰী ছাত্ৰ-ছাত্ৰীয়ে সমূহীয়া বিহু প্ৰদৰ্শন কৰে। তাৰপিছত বিদ্যালয়ৰ মাতৃ গোটৰ সদস্যাসকলে বিহু আৰু মিচিং বিহু প্ৰদৰ্শন কৰে। বিদ্যালয়খনৰ বাকৰিত আজি প্ৰতিটো শ্ৰেনীয়ে পৃথক পৃথককৈ বিহু প্ৰদৰ্শন কৰে। আজি বিয়লিলৈকে বিদ্যালয়ৰ মাতৃ গোটৰ সদস্যাসকলে মুকলি বিহু প্ৰদৰ্শন কৰে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক মানৱ দত্ত আৰু সঞ্জীৱ ৰেগনে পৰিচালনা কৰা উক্ত বিহু আদৰণী অনুষ্ঠানত বিদ্যালয়ৰ অভিভাৱক সকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ।