গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  “লুইতৰে পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ । লুইতৰ পাৰ জিলিকি উঠিব । এইটো আমাৰ প্ৰতিজ্ঞা ।” এই মন্তব্য প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ । অসমৰ আন্তঃগাঁথনি উন্নয়নৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে দেশত বিমান, বাণিজ্য আৰু পৰ্যটন ক্ষেত্ৰত উত্তৰ-পূবৰ ক্ৰমবর্ধমান ভূমিকাক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল। টার্মিনেল উদ্বোধন কৰিয়েই প্রধানমন্ত্রী মোদীৰ ঘোষণা- অসমত এতিয়া চলিছে বিকাশৰ উৎসৱ। দেশৰ উন্নয়নৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে অসম। প্রধানমন্ত্রী মোদীয়ে কয়- অসমৰ সৈতে মোৰ সম্পৰ্ক পুৰণি আৰু মধুৰ। অসমৰ ভাষা-সংস্কৃতি, আইসকলৰ মৰমে সকলো সময়তে মোক উৎসাহ যোগাই আহিছে। উত্তৰ-পূবৰ বিকাশৰ আমাৰ যি সংকল্প, সেই সংকল্পত শক্তি যোগাই আহিছে। অসমৰ বিকাশত আজি এক পুনৰ নতুন অধ্যায়ৰ সংযোজন হ’ল। উল্লেখ্য যে বায়ুসেনাৰ বিশেষ বিমানেৰে দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰৰ সমীপতে প্রায় ৮০ ফুট ওখ লোকপ্রিয় গোপীনাথ বৰদলৈৰ এক বিশাল প্রতিমূর্তি উন্মোচন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নতুন টার্মিনেল ভৱনটোও মুকলি কৰে।

এই উপলক্ষে আয়োজিত এক বিশাল জনসভাক সম্বোধি প্রধানমন্ত্রী মোদীয়ে কয়- উত্তৰ-পূবৰ বিকাশৰ সৈতে সংগতি ৰাখি মুকলি কৰা এই নতুন টার্মিনেল ভৱনে উন্নয়নৰ বাৰ্তা কঢ়িওৱাৰ লগতে ভাৰত চৰকাৰৰ এক্ট-ইষ্ট নীতিক আগুৱাই নিব আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ বজাৰৰ সৈতে সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত গুৱাহাটী হ’ব এক কেন্দ্ৰ। ইয়াৰ পূৰ্বে অসমীয়াতে ভাষণ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে কয়- ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। অসমবাসীক প্রার্থনা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আজিৰ এই শুভক্ষণ বিকাশৰ উৎসৱৰ দিন। এয়া কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূবৰ বাবে আজিৰ দিনটো বিকাশৰ উৎসৱৰ দিন। সেয়েহে আপোনালোকে নিজৰ ম’বাইল ফোনৰ লাইট জ্বলাই এই বিকাশৰ উৎসৱত ভাগ লওক। আনহাতে ভাষণত কংগ্ৰেছক তীব্র ভাষাৰে সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়- কংগ্ৰেছ চৰকাৰসমূহৰ বাবেই অসম তথা উত্তৰ পূৱৰ বিকাশ তেওঁলোকৰ এজেণ্ডাতেই নাছিল। কংগ্ৰেছৰ চৰকাৰসমূহৰ ধাৰণা আছিল অসম তথা উত্তৰ-পূবলৈ কোন যায়? অসমত অত্যাধুনিক বিমানবন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লৰ সংযোগৰ প্ৰয়োজন কি? এই ধাৰণা তথা চিন্তাৰ বাবেই কংগ্ৰেছে দশক দশক ধৰি অসম তথা উত্তৰ-পুবক অৱহেলা কৰি আহিছিল। কংগ্ৰেছে ৬-৭টা দশক ধৰি অসম তথা উত্তৰ-পূবক লৈ যি ভুল কৰিছিল, সেই ভুলৰ শুধৰণি মোদী চৰকাৰে কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- কংগ্ৰেছ উত্তৰ-পূবলৈ আহক বা নাহক, মই আহিম। অসমলৈ আহি মোৰ আপোন যেন অনুভৱ হয়। মোদীৰ বাবে অসমৰ বিকাশ একমাত্র প্রয়োজনেই নহয়, এয়া দায়িত্বও। সেয়েহে যোৱা ১১ বছৰে অসম আৰু উত্তৰ-পূবৰ বাবে লাখ কোটি টকাৰ প্ৰকল্পৰ ৰূপায়ণ কৰা হৈছে। আজি অসম আগলৈ আগবাঢ়িছে আৰু নতুন কীর্তিমানো স্থাপন কৰিবলৈ সক্ষম হৈছে। অসম তথা উত্তৰ-পূবক উন্নয়নৰ পৰা আঁতৰাই ৰখাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়- কংগ্ৰেছৰ সময়ছোৱাৰ অধিকাংশ দিন হিংসাই সমগ্ৰ উত্তৰ-পূবক থানবান কৰিছিল। যোৱা ১১ বছৰত এই পৰিস্থিতিৰ অৱসান ঘটোৱা হৈছে। এসময়ত উত্তৰ-পূবত হিংসা-ৰক্তপাতৰ যি প্রকোপ আছিল, সেই স্থানত আজি ৪জি-৫জি প্রযুক্তিৰ জৰিয়তে ডিজিটেল সংযোগ ঘটি অর্থনৈতিক উন্নয়ন হৈছে। এসময়ত হিংসা প্রভাৱিত বুলি গণ্য কৰা জিলাসমূহ এতিয়া আকাংক্ষিত জিলা হিচাপে গঢ় লৈ উঠিছে আৰু অনাগত সময়ত সেই অঞ্চলসমূহেই ঔদ্যোগিক কৰিড’ৰ হিচাপে পৰিণত হ’ব।

প্রধানমন্ত্রীয়ে  উত্তৰ-পূব সন্দৰ্ভত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি ইয়াক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে অসম বিভাজনৰ প্ৰসংগ উত্থাপন কৰি কয়- স্বাধীনৰ সময়তে কংগ্ৰেছে ধর্মীয় তুষ্টিকৰণৰ জৰিয়তে ভোটবেংক সম্প্ৰসাৰণৰ ষড়যন্ত্ৰ কৰিছিল, বংগ আৰু অসমত অনুপ্ৰৱেশকাৰীক কমুক্ত প্ৰৱেশৰ সুবিধা দিছিল। যাৰ বাবে আজি সমগ্র অঞ্চলটোত জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে আৰু এই অনুপ্ৰৱেশকাৰীসকলে বনাঞ্চলৰ ভূমি দখল কৰিছে। ইয়াৰ ফলস্বৰূপে সমগ্ৰ অসমৰ নিৰাপত্তা তথা পৰিচয়লৈ নামি আহিছে ভাবুকি। এনে ভাবুকিক প্রত্যাহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে সাহসেৰে থিয় দিয়া বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- ৰাজ্য চৰকাৰখনে বেদখলৰ পৰা অসমৰ সম্পদ মুক্ত কৰাৰ বাবে অহর্নিশে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰেও অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ লগতে চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলাই আছে। নির্বাচন আয়োগে আৰম্ভ কৰা এছআইআৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- যেতিয়া আয়োগে নিকা নির্বাচন নিশ্চিত কৰাৰ বাবে এছআইআৰ প্রক্রিয়া চলায়, এই অনুপ্ৰৱেশকাৰীৰ পক্ষত থিয় দিয়াসকলে ইয়াৰ বিৰোধিতা কৰে।

এনে লোকে অসমৰ ভাতৃত্ব সুৰক্ষিত নকৰে আৰু চৰকাৰী ভূমি-বনভূমি দখলৰ বাবে ষড়যন্ত্র ৰচনা কৰে। ইয়াৰ পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন টার্মিনেল ভৱন উদ্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ এটা গীতৰ কলি আওৰাই কয়- ভাৰতৰত্ন ভূপেন হাজৰিকাৰ গীতৰ পংক্তিয়ে সদায়ে সঠিক পথ দেখুৱায়। ‘লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্রতিশ্রুতিবদ্ধ, আমি সংকল্পবদ্ধ।’ ইয়াৰ অৰ্থ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ জিলিকি উঠিব, এন্ধাৰৰ প্রতিখন দেৱাল ভাঙি যাব আৰু এয়া নিশ্চয় হ’ব। কাৰণ ই দেশৰ সংকল্প তথা গভীৰ প্ৰতিজ্ঞা। সুধাকণ্ঠৰ গীতৰ কলিবোৰ কেৱল গীত নহয়, বৰঞ্চ অসমক ভাল পোৱা প্ৰতিগৰাকী মহান আত্মাৰ গভীৰ সংকল্প। আজি এই সংকল্প পূৰণ হৈছে। ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত যেনেকৈ ৰুদ্ধ কৰিব নোৱাৰি, ঠিক তেনেদৰে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্বত চলি থকা অসমৰ উন্নয়নৰ ধাৰাও নিৰৱচ্ছিন্ন অব্যাহত থাকিব। গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধনী এই প্রতিশ্রুতিৰ প্ৰমাণ।

নতুন বিমান টার্মিনেল ভৱনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- এই টার্মিনেল ভৱনৰ জৰিয়তে গুৱাহাটী তথা অসমৰ দক্ষতা অধিক বৃদ্ধি পাব। এই টার্মিনেলত বছৰি ১.২৫ কোটিকৈও অধিক যাত্রীয়ে যাত্রা কৰিব পাৰিব। ইয়াৰ দ্বাৰা বৃহৎসংখ্যক পৰ্যটকৰ অসম ভ্ৰমণৰ সুবিধা হ’ব। প্রধানমন্ত্রীয়ে কয়- এই নতুন বিমানবন্দৰৰ টার্মিনেলত ভৰি দিলেই ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰৰ প্ৰকৃত অর্থ স্পষ্টভাৱে প্রতিফলিত হয়। বিমানবন্দৰটো অসমৰ প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে, সেউজীয়া আৰু অৰণ্যৰ দৰে পৰিৱেশ ৰচনা কৰা হৈছে। টার্মিনেলটোৰ নিৰ্মাণত বাঁহৰ বিশেষ ব্যৱহাৰ হোৱাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়- বাঁহ অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। শক্তি আৰু সৌন্দৰ্যৰ প্ৰতীক হিচাপে বাঁহক উপস্থাপন কৰা হয়। ২০১৭চনত এক বিশেষ পদক্ষেপৰ জৰিয়তে ভাৰতীয় বন আইন সংশোধন কৰি অবনাঞ্চলত উৎপাদিত বাঁহৰ গছৰ পৰিৱৰ্তে ঘাঁ হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰা হৈছে। এই পদক্ষেপৰ ফলতে আজি নতুন টার্মিনেলত বাঁহে এক সুন্দৰ গাঁথনি সৃষ্টি কৰিছে। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত পুনৰ কয়- এক্ট-ইষ্ট পলিচীৰ জৰিয়তে উত্তৰ-পূবক দিয়া অগ্ৰাধিকাৰৰ বাবেই আজি অসমে ভাৰতৰ পূব গেটৱে’ হিচাপে আত্মপ্রকাশ কৰিছে। অসমে আছিয়ান দেশৰ সৈতে ভাৰতক সংযোগ কৰা এখন দলঙৰ ভূমিকা পালন কৰি আছে। অসম তথা সমগ্ৰ উত্তৰ-পূব এতিয়া ভাৰতৰ উন্নয়নৰ দুৱাৰমুখ হৈ পৰিছে। অসমত নতুন দলং নির্মাণ হৈছে, প্রতিদিনে নতুন ম’বাইল টাৱাৰ স্থাপন তথা প্ৰতিটো উন্নয়নৰ প্ৰকল্পৰ গতিয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহক যথেষ্ট আগুৱাই নিবলৈ সক্ষম হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলঙে ৰাজ্যখনক যোগাযোগৰ ক্ষেত্ৰত নতুন শক্তি আৰু আত্মবিশ্বাস প্রদান কৰিছে। স্বাধীনতাৰ পিছত ৬-৭টা দশকত ইয়াত মাত্র তিনিখন দলং নির্মাণ হৈছিল যদিও যোৱা সময়ছোৱাত চাৰিখন নতুন বিশাল দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। বগীবিল আৰু ধলা-শদিয়াৰ দৰে দলঙে অসমক কৌশলগত হিচাপে শক্তিশালী কৰিছে। বগীবিলৰ দলঙে উজনি অসম আৰু দেশৰ বাকী অংশৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছে।

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা নতুন টার্মিনেল ভৱনটো দেশৰ প্ৰথম প্ৰাকৃতিক বিষয়ক বিমানবন্দৰৰ টার্মিনেল। প্ৰায় ১.৪ লাখ বৰ্গমিটাৰত বিস্তৃত নতুন টাৰ্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমানবন্দৰ টার্মিনেল হিচাপে নতুন টাৰ্মিনেল ভৱনত “বেম্ব’ অৰ্কিড” বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে । টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে । ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলক প্ৰতিফলিত কৰা ৫৭ বিধ অৰ্কিড-আধাৰিত স্তম্ভ সংস্থাপন কৰা হৈছে । প্ৰায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য “স্কাই ফৰেষ্ট”-এ ইয়াৰ যাত্ৰীসকলক এক গভীৰ, অৰণ্য-সদৃশ অভিজ্ঞতা প্ৰদান কৰিব । এই উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীক সংগ দিয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কে ৰামমোহন নাইডু, মুৰুলীধৰ মহল, পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাই। ভাষণৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সোণখচিত, মুগা সূতাৰে নিৰ্মিত লোকপ্রিয় গোপীনাথ বৰদলৈৰ ফটো এখন উপহাৰস্বৰূপে আগবঢ়ায় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।