গোটানগৰ নামবাৰী হাইস্কুলত এজাক বৰষুণতে জলমগ্ন

গোটানগৰ নামবাৰী হাইস্কুলত এজাক বৰষুণতে জলমগ্ন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তত মালিগাঁৱৰ নামবাৰী কলনিত অৱস্থিত গোটানগৰ নামবাৰী হাইস্কুলত যোৱা নিশাৰ এজাক বৰষুণতে চৌহদটো জলমগ্ন হৈ পৰিছে। উল্লেখ্য যে ১৯৭৮ চনৰ ১৪ মাৰ্চত প্ৰতিষ্ঠা হোৱা স্কুলখনৰ পশ্চিম দিশত উত্তৰ পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই যোৱা বছৰৰে পৰা এখন পাৰ্ক নিৰ্মাণ কৰাৰ বাবে বিদ্যালয়খনৰ এনে অৱস্থা হৈছে।বিশিষ্ট শিক্ষাবিদ সমাজ সেৱক ড° বিনয় কুমাৰ তামূলী আৰু অঞ্চলটোৰ গুণী জ্ঞানী লোক সকলৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা বিদ্যালয় খনৰ এনে অৱস্থাৰ বাবে স্হানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে৷সচেতন মহলে অতি শীঘ্ৰে সু ব্যৱস্হা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী তুলিছে৷