গোগামুখ-নগাঁৱত সংবিধান নিৰ্মাতা আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি
টিভি, ৰেইন কোট, পানীৰ বটল আমাক নালাগেঃ সঞ্জীৱ দাস
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা সংগ্ৰামী, দলিত অধিকাৰৰ নেতা, সংবিধান নিৰ্মাতা, ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথি৷ ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা ভাৰতৰ পিছপৰা শ্ৰেণীক জাগ্ৰত কৰা বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰে ১৯৫৬ চনৰ ৬ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰিছিল৷ প্ৰতিবছৰে পুণ্যতিথিত দল-সংগঠনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি মহান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেনেদৰে আজি পুণ্য দিনটোত ভীমৰাও আম্বেদকাৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰক স্মৰণ কৰে সংগঠনটোৱে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেবাখনো জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ধেমাজি জিলাৰ গোগামুখ চাৰআলিত সদৌ অসম কৈৱৰ্ত যুৱ সন্মিলন আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে৷ গোগামুখ চাৰআলিৰ মাজমজিয়াত আম্বেদকাৰৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত দুয়োটা সংগঠনৰ কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে৷ নগাঁৱৰ আম্বেদকাৰ ভৱনতো কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ আম্বেদকাৰ ভৱনস্থিত আৱক্ষ প্ৰতিমূৰ্তিত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতা-কৰ্মীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে সংবিধান নিৰ্মাতা, ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সঞ্জীৱ দাসে কয় যে ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই সংবিধানত দলিত, আদিবাসী, অনুসূচিত জাতি-জনজাতিয়ে যাতে সম-অধিকাৰ লাভ কৰে তাৰ ব্যৱস্থা সংবিধানত কৰি গৈছে৷ কিন্তু দেশৰ চৰকাৰে দলিত, আদিবাসী, অনুসূচিত জাতি-জনজাতিক সদায়েই অধিকাৰৰ পৰা বঞ্চিত কৰি ড০ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ লক্ষ্য আৰু আদৰ্শক পদাঘাত কৰি গৈছে৷ আমি চৰকাৰৰ এনে বৈষম্যমূলক নীতিৰ বিৰুদ্ধে যুঁজিবই লাগিব৷ চৰকাৰে সমাজৰ পিছপৰা লোকৰ উন্নয়নৰ চিন্তা কৰিব লাগে৷ সংবিধান আমাৰ মূল বুলি কৈ দাসে কয় যে ড০ ভীমৰাও আম্বেদকাৰৰ লক্ষ্য আৰু আদৰ্শ আছিল সমাজত বৰ্ণ বৈষম্য, লাঞ্চিত-বঞ্চিতসকলক অধিকাৰ দিয়া৷ কিন্তু চৰকাৰে আজি অধিকাৰ কাঢ়িহে নিছে৷ অসমৰ উদাহৰণ দি সঞ্জীৱ দাসে কয় যে অনুসূচিত জাতিৰ হকে ৰূপায়ন কৰা ১৪০ কোটি টকীয়া টিভি-পাকঘৰৰ সামগ্ৰী বিতৰণ আঁচনিৰ ভয়ংকৰ কেলেংকাৰী হ’ল কিন্তু সেই কেলেংকাৰীৰ তদন্ত নহ’ল৷ অসমৰ অনুসূচিত জাতিৰ লোকক উপযুক্ত শিক্ষা, স্বাৱলম্বী হ’ব পৰাকৈ আঁচনি দিয়াৰ ব্যৱস্থা কৰাৰ কথা কৈ আহিছো৷ কিন্তু চৰকাৰে অনুসূচিত জাতিক বাৰে বাৰে উপলুঙা, উপহাস কৰি আহিছে৷ টিভি, পাকঘৰৰ সামগ্ৰী, ৰেইন কোট, পানীৰ বটল, স্কুল বেগ, ছাতি, টুপি, যোগা মেট, জোতা, জেমেট্ৰি বক্স, প্লাষ্টিকৰ স্কেল, বল পেন, কেলকুলেটৰ, অভিধান, ভূচিত্ৰাৱলী, প্লাষ্টিকৰ ফলডাৰ বেগ আজি দিবলৈ আঁচনি লয়৷ এই আঁচনিৰ দ্বাৰা অনুসূচিত জাতিৰ নামত কেইজমান উচ্চ শ্ৰেণীৰ লোকে লুটি-পুতি খায়৷ টিভি, পাকঘৰৰ সামগ্ৰী, ৰেইন কোট, পানীৰ বটল, স্কুল বেগ, ছাতি আদি দি অনুসূচিত জাতিক বেইজ্জতি কৰা হয়৷ আমি বাৰে বাৰে কৈছো আমাক ভিক্ষা নালাগে৷ কৰ্ম কৰি খাব পৰাকৈ আমাৰ যুৱকসকলক ৫ৰ পৰা ৫০ লাখ টকাকৈ এককালীন সাহায্য দি দি ব্যৱসায়, উদ্যোগ আদি আৰম্ভ কৰিব পৰাকৈ আঁচনি দিয়ক৷ তেতিয়া অসমৰ অনুসূচিত জাতিৰ লোকক চৰকাৰে টিভি, পাকঘৰৰ সামগ্ৰী, ৰেইন কোট, পানীৰ বটল, স্কুল বেগ, ছাতি যোগান ধৰাৰ আঁচনি ল’বই নালাগিব৷ ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথিৰ দিনটোত সঞ্জীৱ দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে অসম চৰকাৰত ১৪০ কোটি টকীয়া টিভি-পাকঘৰৰ সামগ্ৰী বিতৰণত কেলেংকাৰী হ’ল৷ আমি প্ৰতিবাদ কৰিলো৷ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিলো৷ কিন্তু তদন্তৰ নামত সকলো ফুটুকাৰ ফেন হৈ পৰিল৷ আন এক অভিযোগ উত্থাপন কৰি দাসে কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত আমি অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰা হৈছে৷