গেৰুৱা বসন পিন্ধিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই

গেৰুৱা বসন পিন্ধিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই

ৰঙিলী বাৰ্ত্তাসেৱা- বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত গেৰুৱা বসন পিন্ধিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।  বিতর্কিত কর্মকাণ্ডৰ বাবে আছুৰ মঞ্চ এৰিবলগা হোৱা ছাত্র সংগঠনটোৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বহু সতীৰ্থক লগত লৈ বশিষ্ঠৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বৰুৱাই দলত যোগদান কৰে। দলৰ জ্যেষ্ঠ নেতাসকলে তেওঁক বিজেপিলৈ আদৰণি জনাই এয়া দলৰ সাংগঠনিক শক্তিৰ এক গুৰুত্বপূৰ্ণ সংযোজন বুলি অভিহিত কৰে।  শংকৰজ্যোতি বৰুৱাৰ লগতে বিজেপিত যোগদান কৰে আছুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য কনক গগৈ, অৰ্জুন চেত্ৰী, ৰাজীৱ গগৈ আৰু ৰক্তিম বৰা, জিলা সমিতিৰ প্ৰাক্তন সভাপতি সত্য বৰগোঁহাই আৰু প্ৰাণজিৎ হাজৰিকা আৰু ডিব্ৰুগড় জিলাৰ আছুৰ প্ৰাক্তন উপ সভাপতি দীপজ্যোতি দিহিংগীয়াকে ধৰি কেইবাজনো নেতাই । শাসকীয় দলটোত যোগদান কৰি আছুৰ প্ৰাক্তন ছাত্রনেতাজনৰ মন্তব্য- ছাত্র সন্থাত দীঘলীয়া সময় অতিবাহিত কৰিছো । বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে জীৱনটো অতিবাহিত কৰি ৰাইজৰ হকে কাম কৰিবৰ বাবে হেঁপাহ পুহি ৰাখিছো । বিজেপিৰ এই মঞ্চখনৰ যোগেদি ৰাইজৰ সেৱক হিচাপে কাম কাজ কৰি যোৱাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো ।বৰ্তমান সময়ত বিজেপিয়ে সৰ্বত্র উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে । ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ বিজেপিলৈ আহিছোঁ। যোগদান উপলক্ষে বাজপেয়ী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত সভাপতি দিলীপ শইকীয়াই শংকৰজ্যোতি বৰুৱা আৰু আন প্রাক্তন ছাত্রনেতাসকলক দলীয় বস্ত্ৰৰে দললৈ সম্বর্ধনা জনায়। অনুষ্ঠানত ভাষণ দি সভাপতি দিলীপ শইকীয়াই কয় যে ১৪.৫০ কোটি প্রাথমিক সদস্য আৰু ১২ লাখ সক্রিয় সদস্যৰে ভাৰতীয় জনতা পার্টীয়ে আজি সমগ্র বিশ্বতে এক সুকীয়া স্থান দখল কৰিছে। ৰাষ্ট্ৰীয়তাবাদী চেতনাৰে জাগ্ৰত বিজেপিৰ লক্ষ লক্ষ সদস্যই আজি কাম কৰি আহিছে। দলীয় যোগদান কার্যসূচীত উপস্থিত থাকি শইকীয়াই কয় যে সমগ্র দেশৰ ৭১ শতাংশ ভৌগোলিক এলেকাত পৰিৱেষ্টিত বিজেপি আজি সমগ্ৰ ভাৰতৰ এক বৃহৎ ৰাজনৈতিক দল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশে আজি সমগ্র বিশ্বত যি এক সুকীয়া স্থান দখল কৰিছে তাৰবাবে আমি গৌৰৱান্বিত। তেনেদৰে অসমতো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিকশিত ৰাজ্য হিচাপে সমগ্র দেশত পৰিচিত হৈছে। আজি যোগদান কৰাসকলে আই অসমী আৰু মা ভাৰতীৰ কাৰণে সেৱা কৰি যাব বুলি আশা কৰি দলৰ ৰাজ্যিক সভাপতি শইকীয়াই কয় যে আমাৰ এই যাত্রাত আপোনালোকৰ সহযোগ নিশ্চিত হ’ব বুলি আমি আশাবাদী। আজি শংকৰজ্যোতি বৰুৱাৰ লগতে আদিবাসী, গোর্খাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ শতাধিক নেতা-কর্মীয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰাসকলৰ লগত আছে প্রাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ মনোজ কুমাৰ মহন্ত, যুৱ গায়িকা তৃণ শৰ্মা, যুৱনেতা দীপাংকৰ ওজা, অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দেউৰী, আছুৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য ক্রমে কনক গগৈ, ৰাজীৱ গগৈ, ৰক্তিম বৰা, আছুৰ তিনিচুকীয়া জিলা কমিটীৰ প্ৰাক্তন সভাপতি সত্য বৰগোহাঁই, আছুৰ মাজুলী জিলা কমিটীৰ প্ৰাক্তন সভাপতি প্রাণজিৎ ন হাজৰিকা, আটছাৰ প্ৰাক্তন কার্যনির্বাহক শিবু কৰ্মকাৰ, দুলীয়াজান আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বাবলু ভূমিজ, গোর্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা কমিটীৰ সহঃ সাধাৰণ সম্পাদক দামোদৰ শৰ্মা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ কমিটীৰ সদস্য সমীৰঞ্জন বৰশইকীয়া, আছাৰ ডিব্ৰুগড় জিলা কমিটীৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰমেশ গড়, ডিব্ৰুগড় জিলা আছুৰ প্ৰাক্তন উপ-সভাপতি দীপজ্যোতি দিহিঙীয়া, অৱসৰপ্ৰাপ্ত উপ-বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, মৰিগাঁও জিলা নাথ-যোগী সম্মিলনৰ সভাপতি নৱকান্ত নাথ, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দুলেন পাটৰকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ ভালেসংখ্যক ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰে। ৰাজ্যিক সাধাৰণ সম্পাদক অনুপ বৰ্মনে আঁত ধৰা’ যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।

আনহাতে  শাসকীয় দলটোত যোগদান কৰাৰ প্ৰাক্‌র্মুহূৰ্তত শংকৰজ্যোতি বৰুৱা আৰু আন সতীর্থলৈ স্পষ্ট বার্তা প্ৰেৰণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত এই প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই স্পষ্ট বার্তা প্ৰেৰণ  কৰি কয়-আছুৰ কেইবাজনো প্রাক্তন নেতাই বিজেপিত যোগদান কৰিছে। কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে, টিকটৰ আশা কৰিব নালাগে। যোগদান কৰক, আদৰণি জনাইছোঁ। দলৰ মঞ্চত কামো কৰিব, কিন্তু আজি জৈন কৰি কাইলৈ দলৰ টিকট সেয়া অলপ দিগদাৰী হ’ব। সেই কাৰণে মই শংকৰজ্যোতি বৰুৱা আৰু লগত অহা সকলোকে কৈছোঁ- আপোনালোকে দলৰ বাবে কাম কৰক, দলে স্বাগতম জনাইছে কিন্তু এইবাৰ দলৰ টিকট আশা নকৰিব।