গেষ্ট্ৰাইটিছ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ
ডাঃ বিজিতা চুতীয়া
বৰ্তমানৰ আধুনিক জীৱন-যাত্রাই গেষ্টাইটিছ ৰোগৰ সৃষ্টিত গুৰুতৰ অৰিহণা যোগাইছে। আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰ লগত গেষ্ট্ৰাইটিছৰ ওতঃপ্রোত সম্পর্ক আছে। সাধাৰণ মানুহৰ মাজত এই ৰোগ গেষ্ট্রিক বা এচিডিটি নামেৰে জনাজাত। আয়ুর্বেদ শাস্ত্ৰত গেষ্ট্ৰাইটিছক অম্লপিত্ত নামেৰে অভিহিত কৰিছে। এই ৰোগ হ’লে বুক বা পেটত জ্বলা পোৱা, পেটৰ বিষ, টেঙা উগাৰ ইত্যাদি উপসর্গই দেখা দিয়ে। আমি খোৱা খাদ্য পেটৰ আভ্যস্তৰৰ পৰা নিঃসৰিত হোৱা পিত্তৰসৰ দ্বাৰা জীর্ণ হয়। কিন্তু অতি মাত্রা ভোজন, অসময়ত ভোজন ইত্যাদিৰ ফলত পিত্তৰস পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহৎ অস্ত্ৰৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি গেষ্ট্ৰাইটিছ ৰোগৰ সৃষ্টি কৰে।
গেষ্ট্ৰাইটিছ বা অম্লপিত্ত ৰোগৰ কাৰণঃ
(১) অত্যধিক মছলাযুক্ত, জ্বলা-পোৰা, ভজা, উষ্ণ আৰু তীক্ষ্ণ গুণসম্পন্ন খাদ্য গ্ৰহণ কৰা।
(২) অনিয়মিত খাদ্য গ্রহণ।
(৩) অত্যধিক মদ্যপান, অতিৰিক্ত চাহ, কফি, আমোল ধূমপান ইত্যাদিৰ সেৱন।
(৪) বিৰুদ্ধ খাদ্য গ্ৰহণ কৰা।
(৫) বিষ নিৰামক ঔষদি যেনে এছপিৰিন, আইব ‘প্রুফেন ইত্যাদিৰ সেৱন।
(৬) অত্যধিক মানসিক চিন্তা, খং, দুখ ইত্যাদি।
গেষ্ট্ৰাইটিছ ৰোগৰ লক্ষণঃ
(১) টেঙা উগাৰ অহা।
(২) বুকু আৰু পেট জ্বলা-পোৰা কৰা
(৩) পেটৰ বিষ।
(৪) বমি বমি লগা বা বমি হোৱা।
(৫) ভোগ নলগা।
(৬) পেট ফুলি থকা।
(৭) জিভাত বগা বা হালধীয়া চামনি পৰা।
গেষ্ট্ৰাইটিছ ৰোগৰ উপসর্গঃ
গেষ্টাইটিছ বা অম্লপিত্ত ৰোগৰ তৎক্ষণাৎ চিকিৎসা গ্ৰহণ কৰা উচিত। উপযুক্ত চিকিৎসা নল’লে পাকস্থলীৰ ঘা (gastric ulcer), পাকস্থলীৰ ছিদ্ৰ (perforation), কৰ্কট ৰোগ (gastric Cancer), Peritonitis ইত্যাদি ভয়ংকৰ ৰোগৰ সৃষ্টি হ’ব পাৰে।
গেষ্ট্ৰাইটিছ বা অম্লপিত্ত ৰোগৰ উপশমৰ উপায়ঃ
(১) অত্যাধিক জ্বলা, মছলা, চাহ, কফি ইত্যাদি খাব নালাগে। কাৰণ এইসমূহ খাদাই পাকস্থলীৰ অম্লতা বঢ়ায়।
(২) ক্ষাৰযুক্ত খাদ্য খাব লাগে।
(৩) পুৱাৰ খালী পেটত দুগিলাচ কুহুমীয়া গৰম পানী খোৱা উচিত।
(৪) আহাৰ কম কমকৈ ঘনাই খাব লাগে।
(৫) তিতা আৰু টেঙা অতি বেছিকৈ খাব নালাগে। কাৰণ টেঙা আৰু তিতাই পাকস্থলী আৰু ক্ষুদ্রান্ত্ৰত থকা অম্লৰ গাঢ়তা বঢ়াই দিয়ে।
(৬) গেষ্ট্ৰাইটিছ ৰোগত ভূগি থাকিলে মাছ, মাংস, কণী বেছিকৈ খাব নালাগে।
(৭) এই ৰোগত ভুগি থকা সময়ত নাৰিকলৰ গাখীৰ, শাক-পাচলিৰ জোল, ডাবৰ পানী, ফলৰ ৰস, গাজৰ, মূলা, গাখীৰ, ঘোল ইত্যাদি পথ্য হিচাপে গ্রহণ কৰিব লাগে।
(৮) ঘিউ, মাখন, চর্বি জাতীয় খাদ্য গেষ্ট্ৰাইটিছ ৰোগীৰ বাবে অপকাৰী।
(৯) নিয়মিত যোগাভ্যাস কৰা উচিত।
গেষ্ট্ৰাইটিছ ৰোগ উপশমৰ বাবে কেতবোৰ ঘৰুৱা বিধানঃ
(১) একাপ গৰম পানীত এচামুচ চ ‘ফ মিহলাই গোটেই ৰাতি থৈ দিব। পুৱা পানীখিনি চেকি এচামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব।
(২) এচামুচ আমলখিৰ গুড়ি দিনে দুবাৰকৈ খাব পাৰে।
(৩) ৩-৬ গ্রাম য়ষ্টিমধুৰ গুড়ি গৰম গাখীৰত মিলাই খাব।
(৪) তুলসী পাত দিনে চোৱাই খাব।
(৫) লং আহাৰ গ্ৰহণ কৰাৰ পাছত পুৱা আবেলি খোৱাৰ অভ্যাস কৰিলে সুফল পাব।
আয়ুর্বেদ শাস্ত্ৰত উল্লিখিত ঔষদি দ্রব্যঃ
আয়ুর্বেদত গেষ্ট্ৰাইটিছ বা অম্লপিত্ত ৰোগৰ বাবে ব্যৱহৃত কেতবোৰ ঔষধি দ্ৰব্য হৈছে—
(১) অভিপত্তিকৰ চূর্ণ।
(২) সুতসেশৰ চূৰ্ণ।
(৩) নাৰিকল লৱণ।
(৪) দ্রাক্ষাদি চূর্ণ।
(৫) জীৰকাদ্য ঘৃত ইত্যাদি।
ওপৰোক্ত ঔষধিসমূহ চিকিৎসকৰ পৰাশৰ্ম
অনুসৰিহে গ্ৰহণ কৰা উচিত। সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে গেষ্ট্ৰাইটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
