গেলাবিলৰ মৰেল পুলিচিং ঘটনাৰ দুই মূল অভিযুক্ত শশাংক-ৰঞ্জিত আৰক্ষীৰ জালত 

গেলাবিলৰ মৰেল পুলিচিং ঘটনাৰ দুই মূল অভিযুক্ত শশাংক-ৰঞ্জিত আৰক্ষীৰ জালত 

ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিলত সংঘটিত মৰেল পুলিচিং ঘটনাৰ দুই মূল অভিযুক্ত ৰঞ্জিত শ্রেষ্ঠ আৰু শশাংক শ্রেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ ৭ দিন পাছত দুই মূল অভিযুক্তক গোলাঘাট আৰক্ষীয়ে ডিব্ৰুগড় আৰু কাছমাৰীৰ পৰা পৃথকে পৃথকে আত্মগোপন কৰি থকা অৱস্থাত মঙলবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে। তদুপৰি এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আন তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক হৈছে ২নং দৈয়াংপাৰৰ ৪১ বছৰীয়া হেমন্ত বৰা,৩৫ বছৰীয়া পূৰৱী বৰা (ভনী) আৰু ৫৪ বছৰীয়া সুশীলা বৰা (চেনেহী)। ইয়াৰ লগে লগে এই ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে। উল্লেখ্য যে মৰেল পুলিচিঙৰ ঘটনাত গুৰুতৰভাৱে আহত শয়ন শইকীয়া আৰু কুণ্ডু চাহানী এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। কুণ্ডু চাহানী সম্প্রতি গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে যোৰহাটৰ পৰা চিকিৎসা কৰি ঘৰলৈ উভতি অহা শয়ন শইকীয়া উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ ৰাওনা হৈছে। শয়ন শইকীয়াৰ এতিয়াও বুকু, পেট আৰু মূৰৰ বিষ হোৱাৰ লগতে প্ৰস্ৰাৱজনিত সমস্যাত ভুগি আছে। আনহাতে, গেলাবিল কাণ্ডৰ ভুক্তভোগী কুণ্ডু চাহানী-শয়ন শইকীয়াৰ ৰেংমা গ্রান্ট আৰু দীঘলগাঞ্জাৰ বাসগৃহত সোমবাৰে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে পৰিয়ালৰ সৈতে বিধায়ক বিশ্বজিৎ ফুকনে মত বিনিময় কৰে। উন্নত চিকিৎসাৰ বাবে শয়ন শইকীয়াক বিধায়কগৰাকীৰ তত্ত্বাৱধানত গুৱাহাটীলৈ প্ৰেৰণ কৰি সকলো চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া হৈছে।