গৃহ সমষ্টিত ভূপেন বৰাই পঞ্চায়তৰ সদস্য এজনকো জিকাব নোৱাৰেঃ বিজেপি অসম প্ৰদেশ

গৃহ সমষ্টিত ভূপেন বৰাই পঞ্চায়তৰ সদস্য এজনকো জিকাব নোৱাৰেঃ বিজেপি অসম প্ৰদেশ

ৰঙিলী বাৰ্ত্তাসেৱা- “অসমৰ থলুৱা খিলঞ্জীয়া মানুহে কংগ্ৰেছ দলক ইতিমধ্যে প্রত্যাখ্যান কৰিছে। শেহতীয়াভাৱে কংগ্ৰেছ দলে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত তেওঁলোকৰ দলীয় সভা আদি পতাৰ বাবে চলোৱা চেষ্ঠা বাগিচাৰ শ্ৰমিক সকলে অৱৰোধ কৰা পৰিলক্ষিত হৈছে। কঠোৰ শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা চাহ বাগানৰ শ্রমিক সকলে কংগ্ৰেছ দলৰ নেতৃত্বক যোৱা সাত দশক ধৰি তেওঁলোকে চলোৱা শোষণ নিৰ্যাতনৰ বিষয়ে জবাবদিহি কৰা পৰিলক্ষিত হৈছে। শ্রমিক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি প্ৰদেশ কংগ্ৰেছ নেতৃতই বাগানৰ সভা এৰি গুচি অহা পৰিলক্ষিত হৈছে”। এই মন্তব্য বিজেপি অসম প্ৰদেশৰ দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দলৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এনেদৰে মতপোষণ কৰে। শৰ্মাৰ মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেওঁৰ নিজা গৃহ সমষ্টিৰ পৰা পঞ্চায়ত সদস্য এজনকো নিৰ্বাচনত জয়ী কৰাই অনাৰ সাংগঠনিক যোগ্যতা হেৰুৱাই পেলাইছে। পঞ্চায়ত নিৰ্বাচনত সদস্য এজনো জিকাব নোৱাৰা কংগ্রেছ সভাপতিয়ে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ জিকোৱাৰ অলীক কল্পনা কৰে বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্র জনে মতপোষণ কৰে। বৰ্তমান সময়ত কংগ্ৰেছৰ হাতত কোনো ৰাজনৈতিক ইচা নাই। সেয়েহে দলটোৰ নেতা সকলে সময় অতিবাহিত কৰিবলৈ মাজে সময়ে ৰাজনৈতিক সাঁথৰ আৰু সমাজ জীৱনৰ লগত সংগতি নথকা আবোল-তাবোল কথা কবলৈ আৰম্ভ কৰিছে। ৰাজ্যৰ প্ৰধান বিৰুধী দলৰ এনে আচৰণ সচাকৈ চিন্তাজনক বুলি শৰ্মাই কয় ।