গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন

গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন

ৰঙিলী বাৰ্ত্তাসেৱা– ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলাই এখন ব্যক্তিগত হাস্পতালত নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে। জানিব পৰা মতে গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই সংঘটিত কৰিছে এই ঘটনা। জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীয়ে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ আই চি ইউৰ এটা আচুতীয়া কোঠাত সংঘটিত কৰিছে এই ঘটনা।উল্লেখ্য যে, আজিয়েই তেওঁৰ চিকিৎসাধীন পত্নীৰো মৃত্যু হয়। ইয়াৰ পাছতে তেওঁ এই ঘটনা সংঘটিত কৰে। বিগত চাৰিমাহ ধৰি ছুটীত আছিল শিলাদিত্য চেতিয়া। পত্নীৰ চিকিৎসাৰ বাবেই তেওঁ ছুটি লৈছিল। সেই অনুসৰিয়েই পত্নীৰ চিকিৎসা চলাই আছিল। কিন্তু দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত পত্নী সুস্থ হৈ নুঠিল। বৰঞ্চ আজি তেওঁ চিকিৎসালয়ৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে।ইয়াৰ পিছতে মানসিক অস্থিৰতাৰ বলি হৈ জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীয়ে হাস্পতালখনৰ এটা আচুতীয়া কোঠাত নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যাৰ পথ বাচি লয়। উল্লেখ্য যে, বিষয়াগৰাকীক ২৯ জানুৱাৰী, ২০২৩ ত চতুৰ্থ এ পি বি এনৰ অধিনায়ক পদৰ পৰা ৰাজ্য চৰকাৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পদলৈ বদলি কৰিছিল। তেতিয়াৰে পৰা তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল।