গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ইউনিফাইড পৰ্টেল আৰু জলসিঞ্চন বিভাগৰ ইনো এপ্লিকেশ্যনক অত্যাধুনিক মানলৈ উন্নীতকৰণৰ নিৰ্দেশ মন্ত্ৰী সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ইউনিফাইড পৰ্টেল আৰু জলসিঞ্চন বিভাগৰ ইনো এপ্লিকেশ্যনক অত্যাধুনিক মানলৈ উন্নীতকৰণৰ নিৰ্দেশ মন্ত্ৰী সিংহলৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এলানি বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে গুৱাহাটী জল ব’ৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ইউনিফাইড পৰ্টেলৰ লগতে জলসিঞ্চন বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে৷ গুৱাহাটী জল ব’ৰ্ডৰ সৈতে হোৱা আলোচনাত মন্ত্ৰী সিংহলে জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ গৃহ সংযোগ, সুৰক্ষা পৰীক্ষণ আদি কাম-কাজৰ শেহতীয়া স্থিতিৰ বুজ লয়। আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা আলোচনাত ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)২.০ৰ নীতি-নিৰ্দেশাৱলীৰ ওপৰত আলোকপাত কৰা হয়। মন্ত্ৰী সিংহলে জলসিঞ্চন বিভাগৰ সৈতেও এক সুকীয়া বৈঠকত মিলিত হৈ বিভাগটোৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।ডিজিটেল ৰূপান্তৰৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী সিংহলে বিষয়াসকলক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ইউনিফাইড পৰ্টেল আৰু জলসিঞ্চন বিভাগৰ ইনো এপ্লিকেচনক অত্যাধুনিক মানলৈ উন্নীত কৰিবলৈ নিৰ্দেশ দিয়ে। এই পদক্ষেপে দুয়োটা বিভাগৰ কাম-কাজ সুশৃংখলিত কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজে ঘৰতে বহি বিভাগীয় চৰকাৰী সেৱাসমূহ লাভ কৰিব পাৰিব। আজিৰ পৰ্যালোচনা বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন; জলসিঞ্চন বিভাগৰ আয়ুক্ত-সচিব বীৰেন্দ্ৰ মিট্টাল; দুয়োটা বিভাগৰে সচিবৰ দায়িত্বত থকা পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।