গৃহৰাজ্যত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাস্থলী পৰিদৰ্শন প্রধানমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গৃহৰাজ্যত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। আহমেদাবাদ চৰ্দাৰ বল্লভভাই পেটেল আন্তর্জাতিক বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মৰাৰ কেইছেকেণ্ডৰ পিছতে বিমানবন্দৰৰ সমীপৰ মেঘানী নগৰ অঞ্চলত দুৰ্ঘটনাত পতিত হৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ ২৪১জন যাত্ৰীৰ কৰুণ মৃত্যুক লৈ বিধ্বস্ত আৰু বেদনাহত হোৱা প্রধানমন্ত্রী মোদীয়ে মেঘানী নগৰ অঞ্চলৰ ঘটনাস্থলীলৈ যায়। শুক্ৰবাৰে পুৱা আহমেদাবাদ আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে প্রধানমন্ত্রীয়ে পোনে পোনে মেঘানী নগৰ দুর্ঘটনাস্থলীলে যায়। প্রধানমন্ত্রী মোদীয়ে দুর্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা বিষয়া-কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়। দুর্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাতো অকল্পনীয় শোকাবহ ঘটনা বুলি আখ্যা দিয়ে। ঘটনাস্থলীৰ বিভিন্ন আলোকচিত্র সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰি প্রধানমন্ত্রী মোদীয়ে এই দুর্ঘটনাত নিহত লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীয়ে কয়- আহমেদাবাদৰ শোকাৱহ বিমান দুর্ঘটনাই সকলোকে মর্মাহত কৰি তুলিছে। নিমিষতে অনেকজনৰ প্ৰাণহানি হোৱাটো হৃদয় বিদাৰক যাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। নিহতৰ পৰিয়ালক সমবেদনা জনাইছে। আমি বুজি পাইছো তেওঁলোকৰ বেদনা। আনপিনে দুর্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে আহমেদাবাদ অসামৰিক হাস্পতালত চিকিৎসাধীন হৈ থকা একমাত্ৰ জীৱিত যাত্ৰী ৰমেশ বিশ্বাস কুমাৰক সাক্ষাৎ কৰে। ব্ৰিটিছ নাগৰিক ৰমেশৰ স্বাস্থ্যৰ বুজ লৈ প্রধানমন্ত্রী মোদীয়ে তেওঁৰ সুস্বাস্থ্য কামনা কৰে। চিকিৎসালয়ত ব্রিটিছ নাগৰিক ৰমেশৰ সৈতে কিছুসময় বাৰ্তালাপ কৰি স্বাস্থ্যৰ লগতে ঘটনাটোৰ বিষয়ে কিছু তথ্যও জানিব পাৰে প্রধানমন্ত্রী মোদীয়ে।