গৃহিনীৰ কথাৰে … – কবিতা শৰ্মা

গৃহিনীৰ কথাৰে …

কবিতা শৰ্মা
নতুন দিল্লী

“ মোৰ পৰিবাৰে একো নকৰে ৷ তেওঁ  ঘৰতেই থাকে ৷ ” কেৰেলাৰ এজন মানুহে  তেওঁৰ ঘৰৰ গৃহিণীক  কাৰোবাৰ সৈতে পৰিচয় কৰি দিবলগীয়া হ’লে তেনেকৈয়ে পৰিচয় কৰি দিয়ে ৷ মাকক দিনে  ৰাতিয়ে ঘৰুৱা কামত ব্যস্ত হৈ থকা দেখি অহা তেওঁৰ ক্লাছ নাইনত পঢ়া পুত্ৰ জনে দেউতাকৰ সেই কথাত বৰ আচৰিত হয় ৷ কেবল সেয়াই নহয় সি মন কৰে যে সিহঁতৰ ওচৰে পাজৰে বাস কৰা প্ৰায় সকলোবোৰ  গৃহিনীৰে তাৰ মাকৰ দৰে একেই অৱস্থা ৷ সেয়েহে  ওপৰত দিয়া ছবি খন  আঁকি সি ছবিখনৰ নাম দিয়ে –“ My mother and mothers in the neighborhood . ” অনুযাথ বিনায়ক নামৰ সেই কিশোৰ ছাত্ৰজনৰ  মাতৃসকলৰ বেতন বিহীন পৰিশ্ৰমৰ বৰ্ণনা কৰি অঁকা সেই ছবিখনে ভূয়সী প্ৰশংসা লাভ কৰে আৰু ২০২০ -২০২১ ৰ কেৰেলা চৰকাৰৰ “ Gender budget document ” ৰ বেটুপাত  হিচাপে  মনোনীত হয় ৷

কেবল  কেৰেলাৰ সেই মানুহজনৰেই  যে এনে মানসিকতা তেনে নহয় , বৰঞ্চ পৃথিৱীৰ  চুকে – কোণে , গাঁৱে – ভূঁঞে , নগৰে – চহৰে এগৰাকী গৃহিণীৰ পৰিচয় এনেদৰেই ডাঙি  ধৰা হয় ৷ কোৱা হয় যে তেওঁ কোনো কাম নকৰে ৷ যিহেতুকে  ঘৰুৱা কাম কাজৰ কোনো অৰ্থনৈতিক স্বীকৃতি নাথাকে  গতিকে তেওঁলোকৰ অৰ্থনৈতিক স্বীকৃতি নথকা এই  কামক ৰাষ্ট্ৰীয় ভাবে অন্তৰ্ভুক্ত কৰা নহয় ৷

অসমৰ সমাজত গৃহিণী সকলা স্থিতি ,পৰম্পৰাগত মূল্যবোধ আৰু আধুনিক পৰিৱৰ্তনৰ এক সংমিশ্ৰণ ৷ যদিও ঐতিহাসিক ভাবে অসমীয়া সমাজত নাৰীৰ স্থিতি তুলনামূলক ভাবে উন্নত , তথাপিও আমাৰ সমাজত গৃহিণী সকল  আজিও বিভিন্ন আৰ্থ সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ৷ বেছি ভাগ গৃহিণী অৰ্থনৈতিক ভাবে তেওঁলোকৰ স্বামী বা পৰিয়ালৰ আন সদস্যৰ ওপৰত নিৰ্ভৰশীল , যাৰ বাবে পৰিয়ালত তেওঁলোকৰ অৱদান প্ৰায় অদৃশ্য হৈয়েই থাকে ৷

গৃহিণী শব্দটোৰ আক্ষৰিক অৰ্থ হ’ল— ঘৰৰ ৰাণী বা মালিকনী ৷ এখন সংসাৰ মৰমেৰে আৱৰি ৰাখি সুশৃঙ্খল ভাবে পৰিচালনা কৰাই নহয় , পৰিয়ালটোৰ মেৰুদণ্ড হিচাপে কাম কৰা মানুহগৰাকীয়েই হ’ল গৃহিণী ৷ এগৰাকী  গৃহিণীয়ে ঘৰখনত  পালন কৰিবলগীয়া হোৱা তেওঁৰ বহুমুখী ভুমিকা সমুহ –

১)  সংসাৰ পৰিচালনা- ঘৰখনৰ প্ৰতিটো বস্তুৰ যত্ন লোৱা  , পৰিষ্কাৰ -পৰিচ্ছন্নতা বজাই ৰখা ,  পৰিয়ালৰ সকলো সদস্যকে প্ৰয়োজনীয় বস্তুৰ নিশ্চিত যোগান ধৰা ৷

২) খাদ্য আৰু পুষ্টি- পৰিয়ালৰ সকলোৰে সুস্বাস্থ্যলৈ লক্ষ্য ৰাখি সুষম , পৌষ্টিক আৰু স্বাস্থ্য সন্মত আহাৰৰ ব্যৱস্থা কৰা ৷

৩) হিচাপ ৰক্ষণ- সংসাৰৰ বাজেট তৈয়াৰ কৰি মিতব্যয়ীতাৰে সঞ্চয়ৰ ফালেও দৃষ্টি ৰখা ৷

৪) সম্পৰ্ক ৰক্ষা- স্বামী সন্তান আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে সুসম্পৰ্ক বজাই ৰাখি সকলোৰে সুখ-দুখৰ সঙ্গী হোৱা ৷

৫) সন্তান , শিক্ষা আৰু সংস্কাৰ- সন্তানৰ পঢ়াশুনা , সঠিক শিষ্টাচাৰ আৰু নৈতিকতা শিকোৱাৰ দায়িত্ব  প্ৰধানকৈ ঘৰৰ গৃহিনী গৰাকীৰ ৷

এই সকলোবোৰ দায়িত্বৰ উপৰিও  বহুসময়ত  প্ৰয়োজন অনুযায়ী ঘৰখনৰ সৰু-সুৰা বজাৰ-সমাৰ , লৰা-ছোৱালীক স্কুল – টিউচন অনা নিয়াৰ দায়িত্বও গৃহিনী গৰাকীয়ে পালন কৰিব লগীয়া হয় ৷ পৃথিৱীৰ বেছি ভাগ গৃহিণীৰ দৈনন্দিন ৰুটিন এইখনেই যি ৰাতিপুৱা আৰম্ভ হৈ মাজৰাতি শেষ হয় ৷ তেওঁলোকৰ কোনো অৱকাশ যাপন নাই , অসুখ বিসুখ হোৱাৰ লাইচেঞ্চ নাই  , সাপ্তাহিক চুটি নাই , কোনো দৰমহা নাই ৷ তাৰপাছতো — “তেওঁ  কোনো কাম নকৰে” বা সামান্য অজুহাততে  “গোটেই দিনটো কি কৰি থাকা ” ধৰণৰ কথাবোৰে তেওঁলোকৰ আত্ম সন্মানত প্ৰচণ্ড আঘাত দিয়ে ৷

গৃহিনী  সকলে  তেওঁলোকৰ পৰিয়ালৰ লগতে নিজকো একোটা উন্নত জীৱন উপহাৰ দিয়াৰ উদ্দেশ্যে জীৱন পাত কৰি আহিছে ৷  এয়া কেৱল তেওঁলোকৰ ব্যক্তিগত সুস্থতাতেই নহয় , সামগ্ৰিক অৰ্থনীতিতো অৱদান যোগাইছে ৷ গৃহিনী গৰাকীয়ে যিহেতুকে ঘৰলৈ ৰেচন অনা নাই তাৰ অৰ্থ এয়া নহয় যে তেওঁ পৰিয়ালটোৰ আয়ৰ ক্ষেত্ৰত অৱদান যোগোৱা নাই ৷ সাম্প্ৰতিক গৱেষণা অনুসৰি একোগৰাকী গৃহিনীৰ ৰন্ধা -বঢ়া , পৰিস্কাৰ-পৰিচ্ছন্নতা , টিউচন আৰু অন্যান্য গৃহস্থালিৰ কাম – কাজ , ঘৰখনৰ পৰিচালনা , পৰিয়ালৰ সীমিত আয়ক নিজৰ দূৰদৰ্শিতাৰে খৰচ কমাই আয়ৰ  কিছু অংশ সঞ্চয় কৰা আদিৰ মূল্য প্ৰতি মাহে কমেও ৫০, ০০০ – ৬০,০০০ টকা ৷ তাৰোপৰি তেওঁলোকে পৰিয়ালটোলৈ যি মানসিক সমৰ্থন আৰু নিৰ্দ্দেশনা প্ৰদান কৰে , সেয়া প্ৰায় অমূল্য ৷ সংক্ষেপতে গৃহিণী গৰাকী ঘৰৰ সেই লক্ষী স্বৰূপা যাৰ যত্ন আৰু মমতাত এখন ঘৰ সুখ আৰু শান্তিৰ এক সুন্দৰ আশ্ৰয় স্থললৈ পৰিনত হয় ৷ কিন্তু এয়া অতি পৰিতাপৰ কথা যে এতিয়াও গৃহিনী সকলে প্ৰায় ভাগ ক্ষেত্ৰতে তেওঁলোকৰ  এই বলিদানৰ উপযুক্ত স্বীকৃতি পোৱা নাই ৷  গৃহিণী শব্দটোৰ আক্ষৰিক অৰ্থ যিয়েই নহওক  লাগিলে , ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ অৰ্থ  সম্পূৰ্ণ  বিপৰীত  ৷ যেতিয়ালৈকে  গৃহিনী সকলৰ ঘৰুৱা কাম “কাম নহয়”  এই ধাৰণা সমাজত থাকিব আৰু যেতিয়ালৈকে প্ৰায় ২৪ ঘণ্টাৰ অবৈতনিক শ্ৰমক সমাজে উপযুক্ত মৰ্যাদা নিদিয়ে তেতিয়ালৈকে তেওঁলোকৰ  প্ৰকৃত মৰ্যাদা প্ৰতিষ্ঠা নহয় ৷

ঘৰুৱা কাম – কাজৰ মাজেৰে জীৱনৰ সৰ্বস্ব সময় অতিবাহিত কৰাতো হৈছে — ঐতিহাসিক ভাবে  নাৰীৰ বিৰূদ্ধে চলি থকা আন এক শোষণ বা নিৰ্যাতন ৷ অতীতত আমাৰ আইতা , মা , মাহী , পেহী , জেঠাই , খুৰী , মামী , নবৌ আদিয়ে নানান প্ৰতিভা থকা স্বত্বেও স্বীকৃতি বিহীন ঘৰুৱা কাম কাজত  নিমজ্জিত থাকি জীৱন পাত কৰিছিল ৷

অতীতৰ সেই নাৰী  সকলৰ বিপৰীতে  অৱশ্যে বৰ্তমানৰ গৃহিনী সকলৰ জীৱন   ধাৰণৰ পদ্ধতি  কিছু উন্নত ৷ তাৰোপৰি যৌথ পৰিয়ালৰ পৰিবৰ্তে একক পৰিয়াল আৰু বিজ্ঞানৰ ন-ন আৱিষ্কাৰে আজিৰ  গৃহিণীৰ জীৱন বহু  পৰিমাণে আৰামদায়ক কৰিছে ৷ গৃহিণী সকলেও থিতাতে ঘৰৰ কাম কাজ বোৰ  কৰি নিজৰ বাবে কিছু সময় উলিয়াব পাৰে ৷ অৱশ্যে এই ক্ষেত্ৰত মন কৰিবলগীয়া বিষয়টো হ’ল — এগৰাকী গৃহিণীৰ নিজৰ চখ , ইচ্ছা , বা কৰি ভালপোৱা কাম কৰাৰ মানসিকতা আৰু নিজৰ সৃষ্টিকামী মনটোৰ প্ৰয়োজনীয়তা ৷ এগৰাকী গৃহিণীয়ে নিজাববীয়াকৈ কিছু আজৰি হোৱাৰ প্ৰয়োজন যাতে তেওঁ নিজৰ সত্ত্বা আৰু নিজৰ অন্তৰ্নিহিত শক্তিৰ বিষয়ে অনুভৱ কৰিব পাৰে ৷

এটা সুখী পৰিয়াল আৰু একোখন সুস্থ সমাজৰ বাবে গৃহিণী গৰাকীৰ নিজৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ সকলোতকৈ বেছি প্ৰয়োজন ৷ এই ক্ষেত্ৰত  গৃহিণী সকলৰ নিজৰো কিছু কৰণীয় আছে ৷ প্ৰতিদিনে আনৰ কথা ভাবি প্ৰায় ভাগ গৃহিণীয়ে নিজৰ কথা পাহৰি যায় ৷ সুখী হৈ থাকিবলৈ হলে প্ৰতিটো কামৰ বাবে নিৰ্দিষ্ট সময়ভাগ কৰাৰ প্ৰয়োজন ৷ এনে কৰিলে কামৰ চাপ কমিব আৰু নিজৰ বাবেও কিছু অবসৰ  সময় উলিয়াব পৰা যাব ৷ সোনকালে শুই উঠাৰ অভ্যাস , ঘৰখন শৃঙ্খলিত কৰি ৰখা , প্ৰৰ্যাপ্ত জিৰণি আৰু টোপনি , দিনটোৰ কিছু সময় নিজৰ পছন্দৰ কাম কৰা , নতুনকৈ কিবা  শিকাৰ মানসিকতাৰে নিজকে নবীকৰণ (update) কৰি ৰখা , নিজৰ বাহ্যিক আৰু আভ্যন্তৰীণ সৌন্দৰ্যৰ যত্ন লৈ নিজৰ ব্যক্তিত্ব বজাই ৰখা , শৰীৰ সুস্থ আৰু সুন্দৰ ৰাখিবলৈ প্ৰতিদিনে খোজকঢ়া আৰু লঘু ব্যায়াম কৰা , হাঁহিমুখে থাকি ঘৰখনৰ পৰিৱেশ উজ্জ্বল কৰি ৰখা ইত্যাদি , ইত্যাদি ৷ একঘেমীয়া জীৱন আমনি দায়ক ৷  সংসাৰৰ গণ্ডিৰ বাহিৰেও সকলো নাৰীৰে ব্যক্তিগত একোখন নিজস্ব পৃথিৱী থাকে বা থকাটো উচিত ৷ সেয়েহে আত্মীয় স্বজন , বন্ধু – বান্ধবীৰে যোগাযোগ ৰখাৰ অত্যন্ত দৰকাৰী  ৷ সামাজিক যোগাযোগে  মানসিক চাপৰ পৰা মুক্ত কৰি  ৰাখে ৷ সৰ্বোপৰি না কোৱাৰ অভ্যাস কৰা ৷ এই অভ্যাসে  ঘৰখনৰ সমষ্ট কামৰ দায়িত্ব নিজৰ ওপৰত লৈ অসুস্থ হৈ পৰাৰ পৰা গৃহিণী সকলক ৰক্ষা কৰে ৷ ঘৰখনৰ আন সদস্য সকলক ভালপোৱাৰ দৰে নিজকো ভাল পাবলৈ শিকা , নিজৰ অৱদানক লৈ গৌৰব কৰি আত্মসন্মান বজাই ৰখা প্ৰতি গৰাকী  গৃহিণীৰ কৰ্ত্তব্য ৷ ঘৰ খনৰ আন  সদস্য সকলেও গৃহিণী সকলক এই ক্ষেত্ৰত কিছু সহযোগিতা  কৰি  তেওঁক নিজৰ প্ৰতিভা অনুযায়ী আগ বাঢ়ি যাব পৰাকৈ সহায় কৰা উচিত ৷ কাৰণ গৃহিনী সকলৰ সামাজিক মৰ্যাদা নিৰ্ভৰ কৰে তেওঁক পৰিয়ালে আৰু সমাজে কেনেকৈ গ্ৰহণ কৰে তাৰ  ওপৰত ৷

সমাজত গৃহিনী সকলৰ স্থিতি উন্নত কৰিবলৈ  তেওঁলোকৰ শাৰীৰিক – মানসিক স্বাস্থ্যৰ দৰেই অৰ্থনৈতিক সবলী কৰণ আৰু আঙ্কিক (digital) সাক্ষৰতাৰ  ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন ৷ গৃহিণী  সকলে কেবল ঘৰুৱা কামতে ব্যস্ত নাথাকি বিভিন্ন উপাৰ্জনৰ পথ  বিচাৰি লব পাৰে ৷ যেনে  —

স্ব সহায়ক গোটবোৰৰ জৰিয়তে  ক্ষুদ্ৰ ঋণ লৈ পশুপালন , হাঁহ কুকুৰা পালন বা আন যি কোনো ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা , পৰম্পৰাগত বোৱা – কটা , চিলাই , আচাৰ -পিঠা পনা আদি তৈয়াৰ কৰি  অন লাইন বা স্থানীয় বজাৰত  বিক্ৰী কৰা , বা সামাজিক মাধ্যমত ইউটিউব বা ফেচবুকৰ জৰিয়তে  চিলাই , নৃত্য-সঙ্গীত , ৰন্ধন শিল্পৰ আদিৰ দৰে নিজৰ যিকোনো দক্ষতা প্ৰদৰ্শন কৰি উপাৰ্জন কৰি  স্বাৱলম্বী হব পৰা যায় ৷ গৃহিণী সকলৰ আৰ্থিক স্বাৱলম্বিতা আৰু সামাজিক মৰ্যাদা একেটা মুদ্ৰাৰ ইপিঠি – সিপিঠি ৷অৰ্থনৈতিক স্বাধীনতা থাকিলে সামাজিক মৰ্যাদা স্বতঃস্ফূৰ্ত ভাবে বৃদ্ধি পায় ৷

যিহেতু সৰ্বমুঠ জনসংখ্যাৰ নাৰী হৈছে প্ৰায় আধা অংশ সেয়ে নাৰীৰ উন্নতি অবিহনে সমগ্ৰ জাতিৰ উন্নতি কেতিয়াও সম্ভব নহয় ৷ য’ত নাৰীক সন্মান কৰা নহয় তাত মহান কামো হয় নিষ্ফল ৷ আনহাতে য’ত নাৰীক সন্মান কৰা হয় তাতেই  বিয়পে সমাজৰ মহানুভৱতা ৷

শেষত  গৃহিনী সকলৰ প্ৰতি —  যি নিজৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে প্ৰতিনিয়ত নিজকে নিবেদিত কৰে , নিম্ন বাক্যটি  উৎসৰ্গিত কৰিলোঁ —

“গৃহিনী সকল হৈছে  সেই নিমখৰ দৰে যাৰ উপস্থিতি দেখা পোৱা নাযায়  কিন্তু যাৰ অনুপস্থিতিয়ে সকলো সোৱাদবিহীন কৰি তোলে ৷”

নাৰী নাথাকিলে পৃথিবী অচল ৷ নাৰীৰ সন্মান অবিহনে সমাজৰ সমৃদ্ধি নহয় ৷ সেয়েহে কেবল আজিৰ দিনটোতে নহয় বছৰৰ প্ৰতিটো দিনতে নাৰীক সন্মান কৰক ৷

সকলোলৈ আন্তৰ্জাতিক নাৰী দিবসৰ শুভকামনা জনালোঁ ৷