গুৱাহাটী ৰ’টাৰী ক্লাবত মহিলা সংগঠনৰ প্ৰতিবাদ
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মহিলাক কৰিছে অপমান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাৰ আত্মসন্মানত আঘাত কৰি (দেহৰ বিনিময়ত চাকৰি লোৱা) ৰাজহুৱা সভা এখনত কৰা অতি অশালীন আৰু কুৰুচিকৰ মন্তব্যৰ প্ৰতিবাদত আজি অসম মহিলা সংঘ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ আহ্বানত গুৱাহাটী ৰ’টাৰী ক্লাবৰ সন্মুখত দুপৰীয়া ১২ বজাত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়। বিক্ষোভ কাৰ্যসূচীত ‘সুস্থ সমাজ বিকাশ চক্ৰ’ৰ পৰা অধ্যাপক ডঃ অপূৰ্ব কুমাৰ বৰুৱা আৰু অধ্যাপক ডঃ মনোৰমা শৰ্মাইও ভাগ লয়। বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাৰী সমাজক উদ্দেশ্যি ডঃ মনোৰমা শৰ্মা, অসমী গগৈ, গীতাঞ্জলি সোণোৱাল, সীমা বিশ্বাস, সবিতা লহকৰ আৰু ডঃ অপূৰ্ব কুমাৰ বৰুৱাই বক্তব্য প্ৰদান কৰে। নিজ নিজ বক্তব্যত তেওঁলোকে মুখ্যমন্ত্ৰীৰ এনে অবিবেচক আৰু অশোভনীয় মন্তব্যই ৰাজ্যখনৰ নাৰীসমাজক ক্ষুব্ধ কৰিছে বুলি উল্লেখ কৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ এজন সাক্ষীৰ অসমৰ্থিত সাক্ষ্যৰ আধাৰত ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যত মহিলাসকলৰ শালীনতাৰ প্ৰশ্নক লৈ যি ভয়ংকৰ অপমান কৰা হৈছে সেয়া অতিশয় নিন্দনীয় আৰু অক্ষমনীয় বুলি কয়। কংগ্ৰেছৰ তদানীন্তন শাসন কালত হোৱা বুলি কোৱা তেনে অপকৰ্মৰ সময়ত তেখেতেই শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী আছিল আৰু বহু মহিলাই সেই সময়ত নিযুক্তি লাভ কৰিছিল।যদি তেখেতে ঘটনা সংঘটিত হোৱাৰ কথা জানিছিল , তেতিয়াই ব্যৱস্থা নলৈ এতিয়া কিহৰ স্বাৰ্থত অবাঞ্চিত মন্তব্যৰে সমগ্র নাৰীসমাজৰ ওপৰত অপযশ জাপি দিয়াৰ অপচেষ্টা চলাইছে বুলি বক্তাসকলে প্ৰশ্ন তোলে। নাৰীৰ মানমৰ্যদা , স্বাভিমানত আঘাত হনা সংবিধানৰ মৌলিক অধিকাৰৰ পৰিপন্হী এনে হীন মন্তব্য মুখ্যমন্ত্ৰীক অবিলম্বে প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰতিবাদী মহিলা সংগঠনৰ সদস্যসকলে দাবী জনায়। লগতে শান্তিপূৰ্ণভাৱে সমবেত হোৱা মহিলাসকলক অগণতান্ত্ৰিকভাৱে বাধা দানৰ চেষ্টা কৰা অসম পুলিচক নিন্দা কৰে।