গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ দ্বাৰা প্ৰথম বাৰৰ বাবে ড০ নগেন শইকীয়াক ধ্ৰুপদী অসমীয়া ভাষা বঁটা

গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ দ্বাৰা প্ৰথম বাৰৰ বাবে ড০ নগেন শইকীয়াক ধ্ৰুপদী অসমীয়া ভাষা বঁটা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ধ্ৰুপদী অসমীয়া ভাষা বঁটা প্ৰথমবাৰৰ বাবে গুৱাহাটী লিটৰেচাৰ ফেষ্টিভেলৰ দ্বাৰা ডঃ নগেন শইকীয়াক আগবঢ়োৱা হয়। সাহিত্য একাডেমি বঁটা, অসম ভেলী সাহিত্য বঁটা, জাতীয় শিক্ষক বঁটা, ৰাষ্ট্ৰীয় সাহিত্য বঁটা, নিৰ্মলা দেৱী স্মাৰক বঁটা আদি লাভ কৰা ড০ শইকীয়া ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আছিল। অনুষ্ঠানটো অনুষ্ঠিত হৈছিল ৮ৰ পৰা ১১ নৱেম্বৰলৈ গুৱাহাটীৰ এন ই এফ মহাবিদ্যালয়ত । স্বাস্থ্যজনিত কাৰণৰ বাবে শইকীয়াই গুৱাহাটীলৈ যাব পৰা নাছিল আৰু সেইবাবে ১২-১১-২৪ত ডিব্ৰুগড়ত তেওঁলোকৰ নিজা বাসগৃহ বৰ্ণমালাত এই বঁটা প্ৰদান কৰা হয়।বঁটা অনুষ্ঠানত উপস্থিত থাকে গল্পকাৰ গৈৰিকা বৰুৱা ,লেখিকা ৰেহেনা বানু, আব্দুল খালেক, এম হাছিম আলী, নাছিমা বানু আৰু জি এল এফ দলৰ সদস্যা ফাৰহানা শবনম উপস্থিত থাকে। ড০ শইকীয়াক প্ৰদান কৰা বঁটাৰ সৈতে থাকে এখন চেলেং চাদৰ, এখন ফুলাম গামোচা, এটা জাপি আৰু দহ হাজাৰ টকাৰ এখন চেক। জি এল এফৰ সভাপতি পূৰবী বৰা আৰু সম্পাদক আবিদ আজাদে শইকীয়াক শুভেচ্ছা আৰু সুস্বাস্থ্যৰ কামনা কৰে ।এই বঁটা লাভ কৰি ড০ শইকীয়াইও জি এল এফৰ সমূহ সদস্যক ধন্যবাদ জ্ঞাপন কৰে।