গুৱাহাটী মহানগৰৰ চচলত ৰূপালী জয়ন্তী ব’হাগী উৎসৱৰ সফল সামৰণি

গুৱাহাটী মহানগৰৰ চচলত ৰূপালী জয়ন্তী ব’হাগী উৎসৱৰ সফল সামৰণি
সূত্ৰধাৰৰ দৃষ্টি নন্দন নৃত্য আৰু শিল্পী বিপিণ চাউদাং আৰু প্ৰিয়ংকা ভৰালীৰ সংগীতত মন্ত্ৰমুগ্ধ উপস্থিত সকলো

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ চচলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু ৰঙালী, কঙালী আৰু ভোগালী সমান্তৰালভাৱে উদযাপন কৰি আহিছে। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো পশিচ সংখ্যক ৰূপালী জয়ন্তী বৰ্ষৰ ৰঙালী বিহু যোৱা ১ ব’হাগ (১৫ এপ্ৰিল) , ৪ ব’হাগ (১৮ এপ্ৰিল) আৰু ৫ ব’হাগ (১৯ এপ্ৰিল আৰু ৬ বহাগ ২০ এপ্ৰিল ২০২৫) চাৰি দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ৷ বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, পৰম্পৰাগত খেল-ধেমালী, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত ংচিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ প্ৰতিযোগিতা , মহিলাৰ সাজপাৰ একক আৰু দলীয় শাখাত লোকনৃত্য প্ৰতিযোগিতা, বোৱাৰী বিহু, সৰু বিহৱতী, বৰ বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা আৰু মনোমোহা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিহু হুঁচৰি প্ৰতিযোগিতাত চৰাইদেউ সমন্বয় বিহু হুচৰি দলে প্ৰথম আৰু ৰংঘৰ বিহু হুচৰি দলে দ্বিতীয় স্থান, আৰু গোমচেং বিহু হুঁচৰি দলে তৃতীয়, বৰ বিহুৱতী প্ৰতিযোগিতাত বন্যানী গগৈয়ে প্ৰথম আৰু বৰ্ষা বুঢ়াগোহাঁই দ্বিতীয় স্থান আৰু আইচী দত্তই তৃতীয় স্থান সৰু বিহুৱতী প্ৰতিযোগিতাত মৈত্ৰী বৰাই প্ৰথম স্থান আৰু প্ৰিয়াক্ষী ভট্টই দ্বিতীয় স্থান আৰু কৃষ্টি শইকীয়াই তৃতীয় স্থানএকক লোক নৃত্য ক- শাখাত ৰিয়াংসী বৰুৱা, দিক্ষীতা বৈশ্য আৰু অনুশ্ৰী দাসে যথাক্ৰমে প্ৰথম,দ্বিতীয়, তৃতীয় স্থান আৰু খ-শাখাত দিশা বৰা, চুনেনা বৰা আৰু বাৰ্বী বৰুৱাই ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান আৰু দলীয় লোকনৃত্য প্ৰতিযোগিতাত দেৱ শ্ৰী ডেঞ্চ গ্ৰুপে প্ৰথম স্থান, জুমি আৰু মধুস্মিতা চহৰীয়াৰ দলে দ্বিতীয় আৰু মৈত্ৰী দাস আৰু ৰিদ্ধিকা ভৰদ্বাজৰ তৃতীয় স্থান লাভ কৰে। বোৱাৰী বিহু প্ৰতিযোগিতাত জোনমণি বৰাই প্ৰথম, জোনাকী কলিতা তালুকদাৰে দ্বিতীয় আৰু পল্লবী ভূঞাই তৃতীয় স্থান, মহিলাৰ সাজপাৰ প্ৰতিযোগিতাত জ্যোতিকা বৰ্মণে প্ৰথম, জোনাকী কলিতা তালুকদাৰ আৰু চিনোমনি হাজৰীকাই দ্বিতীয় আৰু প্ৰণামী মহন্তই তৃতীয় স্থান লাভ কৰে। লগতে চিত্ৰাংকন, আকস্মিক স্মৃতি প্ৰভা, কুইজ, পিঠা-পনা আৰু বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হয়।৷ ১ ব’হাগৰ দিনা ৰাতিপুৱা ৯.৩০ বজাত মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাৰে সভাপতি হৰেশ্বৰ ডেকাক বিহু তলিলৈ আদৰি আনে আৰু ইয়াৰ পিচতে সভাপতিৰ লগতে ২৫ গৰাকী বিশেষ ব্যক্তিৰ দ্বাৰা বিহুৰ ২৫ খন পতাকা উত্তোলন কৰা হয় ৷ স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি ডাঃ বুধিন শইকীয়াই৷ ইয়াৰ পিছতে ১৫ গৰাকী আৰ্থিক ভাৱে দুৰ্বল ব্যক্তিক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৃষ্ঠ পোষকতাত বিহুৱান আৰু বস্ত্ৰ বিতৰণ কৰা হয়। বিশিষ্ট উদ্যোগী মিঠু ভৰালীৰ লগতে ওপৰ চছল বিহু সন্মিলনৰ শতাধিক বিশিষ্ট ব্যক্তি তথা শুভাকাংশী ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। ৪ বহাগ ১৮ এপ্ৰিল ২০২৫ তাৰিখে ৰাতিপুৱা ৯ বজাত আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মূখ্য প্ৰৱন্ধক সুজিত দে আৰু কেঞ্চাৰ বিশেষজ্ঞ চিকিৎসক ডাঃ যদুনাথ বুঢ়াগোহাঁইয়ে শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে মুকলি কৰে। মুকলি বিহু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰ বিহুৱতী গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড বিহু অনুষ্ঠানৰ প্ৰশিক্ষীকা জাগৃতি কলিতা আৰু বিশিষ্ট ঢুলীয়া নন্দিনী কাশ্যপ আৰু স্বপ্নীল অঞ্জন বৰাই ৷ উদ্বোধনী ভাষনত বিহুৱতী গৰাকীয়ে বিহু আৰু অসমৰ সংস্কৃতি বিষয়ক শ্ৰুতিমধুৰ বক্তৃতাৰে উপস্থিত সকলোকে আপ্লুত কৰে লগতে তিনিও গৰাকী উদ্বোধকে বিহু নৃত্য আৰু ঢোলৰ মালিতা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ পিচতেই মৰিগাঁও বিহু দলৰ বিহু নৃত্য, বৰবাৰী কাৰ্বি দলৰ কাৰ্বি লোক নৃত্য আৰু নৱজোতি মহিলা জেং বিহু দলৰ নৃত্য ই অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত বন্তি প্ৰজ্বলন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে। অনুষ্ঠানত গুৱাহাটীত পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শই কীয়া উপস্থিত থাকে কীয়াসাংস্কৃতিক সন্ধিয়াত ʼহুৰাই লাহৰীʼ শীৰ্ষক লোক বাদ্যৰ অনুস্থান আৰু শিল্পী বিপিণ চাউদাং ৰ সংগীতানুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে। ৫ বহাগ ৰাতিপুৱা ১০ বজাত এক বিশেষ স্মৃতিচাৰণ আৰু অন্তৰঙ্গ আলাপ অনুষ্ঠান স্থানীয় শাখা সাহিত্য সভাৰ সভাপতি ড°মিনেশ্বৰ হাজৰীকাৰ সঞ্চালনাত অনুষ্ঠিত হয় ৷ বিয়লি ৩ বজাৰ পৰা একক আৰু দলীয় লোক নৃত্য, সাজপাৰ বোৱাৰী বিহু, সৰু বিহুৱতী, বৰ বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়।সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰে সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰতিদিন টাইম কাৰ্য্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই ৷ সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘ ব’হাগী ‘ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্য্য হাজৰিকাই। ৬ বহাগত ৰাতিপুৱা ১০ বজাৰ পৰা চিত্ৰাংকন, আকস্মিক স্মৃতি প্ৰভা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়াৰ আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰে দিশপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাই। সাংস্কৃতিক মঞ্চ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিশেষজ্ঞ চিকিৎসক গীতিকাৰ সুৰকাৰ ডাঃ হিতেশ বৰুৱাই।চছলৰ মহিলা সকলৰ শ্ৰুতি মধূৰ সমবেত সঙ্গীত আকৰ্ষণীয় জেং বিহু, মৰিগাঁও কাৰ্বি নৃত্য দলৰ কাৰ্বি লোক নৃত্য, চছলৰ ইতিহাস সমৃদ্ধ আৰু বিহু সম্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিষয়বস্তুৰ আধাৰত প্ৰস্তুত কৰা সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰি পৰিৱেশ্য কলাৰ প্ৰতিষ্ঠান নগাঁৱৰ সূত্ৰধাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷আৰু জনপ্ৰিয় শিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠানে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তোলে ৷ চাৰি দিনীয়া কাৰ্যসূচীৰ সফল সামৰণিৰ বাবে সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সমূহ ৰাইজলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ৷