গুৱাহাটী মহানগৰীত শোৱাপাটীতে উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা শ্বৰ্ট চাৰ্কিত হৈ শোৱাপাটীতে মৃত্যু মাতৃ-কন্যাৰ। জানিব পৰা মতে, ওচৰৰ কোঠালিতে শুই আছিল যুৱতীগৰাকীৰ পিতৃ। কিন্তু অগ্নিকাণ্ডৰ বিষয়ে একো জানিব পৰা নাছিল। যেতিয়া পুৱা ওচৰ-চুবুৰীয়াই জুই দেখা পাই তেতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মালিগাঁৱৰ কামাখ্যা নগৰৰ বৰুৱা ভৱনত। জানিব পৰা মতে, বৃহস্পতিবাৰ (২৪ জুলাই)য়ে পুৱা অঞ্চলটোৰ স্থানীয় ৰাইজে কোঠালিৰ পৰা ধোৱা ওলাই থকা দেখা পায়। ধোৱাই আগুৰি ধৰিছিল সমগ্ৰ কোঠালিটো। সেই কোঠালিৰ ওচৰতে শুই আছিল পিতৃ সুব্ৰত চক্ৰৱৰ্তী। কিন্তু ঘটনাৰ বিষয়ে অৱগত নাছিল। হঠাতে ওচৰ-চুবুৰীয়াৰ চিঞৰ-বাখৰ শুনি পুৱা প্ৰায় ৫.৩০ বজাত কোঠালিৰ দুৱাৰ খোলে নিদ্ৰাৰত পিতৃয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। কিন্তু তেতিয়ালৈকে মৃত্যু হয় মাতৃ-কন্যাৰ। ২৯বছৰীয়া মৃত কন্যা সৰ্মিস্তা চক্ৰৱৰ্তী আৰু ৫৫বছৰীয়া মাতৃ দ্বীপশিখা চক্ৰৱৰ্তী বুলি চিনাক্ত হৈছে। ঘটনা সন্দৰ্ভত পিতৃয়ে উল্লেখ কৰা অনুসৰি, কালি নিশা তিনিও একেলগে আহাৰ গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ নিজৰ কোঠালৈ শুব আহিছিল। জানিব পৰা অনুসৰি নিশা ম’বাইল ফোন আৰু টেবলেট চাৰ্জ দি একেটা কোঠাতে শুই আছিল মাতৃ-কন্যা। চাৰ্জ দিয়াৰ সময়ত নিশা বিছনাতে ৰখা আছিল ম’বাইল ফোন আৰু টেবলেটটো। কিন্তু সেই সময়তে বৈদ্যুিতক শ্বৰ্ট চাৰ্কিটৰ ফল বিস্ফোৰিত হয় ম’বাইল ফোন আৰু টেবলেটো। আনফালে ঘৰৰ ভিতৰত চলি আছিল ACও। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পিছতে বিছনাত সূত্ৰপাত হয় জুইৰ। তেনেকৈ কৰুণ মৃত্যুক আঁকোৱালি লয় মাতৃ-কন্যাই। বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিক, দণ্ডাধীশ। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।