গুৱাহাটী মহানগৰীত যুৱকৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী মহানগৰীৰ দিছপুৰত যুৱকৰ ৰহস্যজনক মৃত্যু। জানিব পৰা মতে মৃত যুৱকজনৰ নাম জেমছ বৰুৱা। দিছপুৰৰ লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন। ঘটনা অনুসৰি যোৱানিশা প্ৰেয়সীৰ লগত আছিল জেমছ। চীপ লৈ আত্মহত্যা যুৱকজনৰ। ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ নিজেই নমাই আনিছিল প্রেয়সীয়ে। ইয়াৰ বাবে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰিছে যুৱতীগৰাকীক। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ফ্লেটটোত উপস্থিত হৈ ফৰেঞ্চিকৰ দলে চলাইছে পৰীক্ষা।