গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড। জু-ৰোডত থকা SPM একাডেমিৰ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। SPM একাডেমী নামৰ প্ৰতিষ্ঠানখনৰ লগতে বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে উক্ত অট্টালিকাটোত।SPM একাডেমীৰ ওপৰ মহলাত থকা এখন ৰেষ্টোৰাত সংঘটিতত হৈ এই ভয়ংকৰ অগ্নিকাণ্ডটো।ঘটনাটোক লৈ সৃষ্টি হৈছে হুৱাদুৱা এক পৰিৱেশৰ। কেইবাখনো অগ্নিনিৰ্বাপকৰ বাহন উপস্থিত ঘটনাস্থলীত। কোনো লোক হতাহত হোৱাৰ তথ্য এতিয়ালৈকে অহা নাই।অগ্নিকাণ্ডৰ পিছতে হুৱা-দুৱা লাগিছে ছাত্ৰ-ছাত্ৰী আৰু ওচৰত থকা ৰাইজৰ মাজত।
