গুৱাহাটী মহানগৰীত পুনৰ দিন ডকাইতি

গুৱাহাটী মহানগৰীত পুনৰ দিন ডকাইতি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতি। বিৰুবাৰীৰ বি বৰুৱা কেঞ্চাৰ হস্পিতালৰ সন্মুখত ডকাইতি কাণ্ড।ৰখাই থোৱা এখন ফৰ্চুনাৰ বাহনৰ গ্লাছ ভাঙি লুটপাত দুৰ্বৃত্তৰ। দুৰ্বৃত্তই নিলে চিকিৎসাৰ বাবে অনা ডেৰ লক্ষাধিক টকা, কাপোৰৰ বেগ, ৰোগীৰ মূল্যবান সামগ্ৰী। ডকাইতি কাণ্ডৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।আত্মীয়ৰ চিকিৎসাৰ বাবে আহিছিল অৰ্পিতা কাশ্যপ নামৰ এগৰাকী মহিলা। বি বৰুৱা হস্পিতাল লৈ যোৱাৰ পথত ITIৰ সন্মুখতে ৰাখিছিল ফৰ্চুনাৰখন।বিলাসী ক’লা বাহনখনৰ সন্মুখৰ গ্লাছ ভাঙি দুৰ্বৃত্তই চলালে লুটপাত। ঘটনাস্থলীত ভৰলু আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত চলাইছে ।