গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ

Pc India Today

গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ৷দীপাৱলীৰ দুটা দিনত মহানগৰত পাঁচ কোটিৰো অধিক মূল্যৰ সুৰা বিক্ৰী হ’ল।দীপাৱলীৰ দুটা দিনত ৫ কোটি ৯৭ লাখ টকাৰ সুৰা বিক্ৰী হয়৷বিগত দুটা দিনত দৈনিক ২ কোটি ৯৯ লাখকৈ বিক্ৰী হ’ল সুৰা। ৪ নবেম্বৰত বিক্ৰী হয় ২ কোটি ৫৬লাখ ৭০ হাজাৰ টকাৰ সুৰা।আনহাতে ৫ নবেম্বৰত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হয়।উল্লেখযোগ্য যে,দুৰ্গা পূজাৰ সময়তো মহানগৰীত সুৰা বিক্ৰীয়ে গঢ়িছিল অভিলেখ৷