গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

Pc The Janambhumi

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা-     গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰা হৈছে।বিশ্ববিদ্যালয়ৰ অনুশাসন কৰ্তৃপক্ষই এক নিৰ্দেশনাৰ জৰিয়তে এই নিলম্বনৰ কথা প্ৰকাশ কৰিছে।২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পলম হোৱাৰ বাবেই নিয়ন্ত্ৰকগৰাকী এই শাস্তিৰ সন্মুখীন হোৱা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।উপ-পৰীক্ষা নিয়ন্ত্ৰক ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।উল্লেখযোগ্য যে,স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পলম হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিৰুদ্ধে চলিছিল বিশ্ববিদ্যালয়ৰ অনুশাসনমূলক প্ৰক্ৰিয়া।