গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱতি নিশা ভয়ংকৰ সংঘাত

গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱতি নিশা ভয়ংকৰ সংঘাত

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই পুৱতি নিশা দুটাকৈ হোষ্টেলৰ শিক্ষাৰ্থীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। আৰ চি চি-১ আৰু আৰ চি চি-২ হোষ্টেলৰ শিক্ষাৰ্থীসকলৰ মাজত পুৱতি নিশা সংঘটিত হোৱা এই সংঘাতত কেইবাজনো শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈ বর্তমান আই চি ইউত থাকিবলগীয়া হৈছে।  জানিব পৰা মতে শিক্ষাৰ্থীসকলৰ এটা পক্ষই আনটো পক্ষক শিল আৰু সুৰাৰ বটেলেৰে আক্ৰমণ কৰে। ইয়াৰ পিছতে বহু কেইজন ছাত্ৰ আহত হয়। তেওঁলোকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত কোনো অপ্রীতিকৰ ঘটনা ঘটা নাছিল যদিও পুৱতি নিশা প্ৰায় ৩ মান বজাত হঠাৎ  আৰ চি চি-১ আৰু আৰ চি চি-২ ৰ ছাত্ৰাৱাসৰ ছাত্ৰসকলৰ মাজত আৰম্ভ হয় প্রচণ্ড সংঘাত। এই সংঘাতে ক্রমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু ইটো পক্ষই সিটো পক্ষক শিল আৰু সুৰাৰ বটলেৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। নিৰ্বাচনত জয়-পৰাজয়কেন্দ্ৰিক এনে ভয়ংকৰ কাজিয়াৰ পৰিণতিত ৭জনৰো অধিক ছাত্র আহত হয় আৰু আহতসকলক গুৱাহাটী মেডিকেল কলেজত ভর্তি কৰোৱা হয়। আহতসকলৰ ভিতৰত বিক্ৰম হাজৰিকা নামৰ ছাত্ৰজনৰ অৱস্থা গুৰুতৰ।অৱশ্যে সঠিক তদন্তৰ পাছতহে সমগ্র বিষয়টো স্পষ্ট হ’ব। উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফলত সভাপতি পদত জয়ী হয় এ বি ভি পিৰ মানস প্ৰতিম কলিতা, সাধাৰণ সম্পাদক পদত জয়ী হয় কৌশিক বৰুৱা। কৌশিক অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী। আনহাতে, উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদকসহ ৬টা পদত জয়লাভ কৰিছে আছু সমৰ্থিত প্ৰাৰ্থীয়ে। উপ-সভাপতি পদত জয়ী হয় উদীপ্ত বায়ন, সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হয় নিমিশা শইকীয়া, সাহিত্য সম্পাদকত জয়ী হয় প্ৰাণজিৎ কোচ আৰু সাংস্কৃতিক সম্পাদক পদত জয়ী হয় বন্দিতা ডেকা।