গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-   জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। মুখ্য নিৰ্বাচনী বিষয়া প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই ছাত্ৰ একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে হৈ যায়। বিশ্ববিদ্যালয়ৰ ২,১৭ প্ৰসন্ন নাৰায়ণ চৌধুৰী জিৰণী কোঠা মুঠ তিনিটা কোঠাত ভাগে ভাগে অনুষ্ঠিত হোৱা ভোট গ্ৰহণত মুঠ ৪০৮৫ ভোটাৰৰ ভিতৰত ২৪৮৩ জন ভোটাৰে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। প্ৰথম প্ৰসন্ন নাৰায়ণ চৌধুৰী জিৰণী কোঠাত মুঠ-১১৬৮, 2 নং কোঠাত-৬২৮,১৭ নং কোঠাত-৬৮৭ ভোট দানৰ শতকৰা গঢ় ৬০৭৮ আছিল। মুখ্য নিৰ্বাচনী বিষয়া গৰাকীক সহায় কৰাকৈ প্ৰসন্ন নাৰায়ণ চৌধুৰী জিৰণী কোঠাত নিৰ্বাচনী বিষয়া হিচাপে আছিল অধ্যাপক বলেন ভাগৱতী, ২ নং কোঠাত ড° দেৱাশীস শইকীয়া,১৭ নং কোঠাত ড° বাহাৰুল আলীয়ে সহকাৰী নিৰ্বাচনী বিষয়াৰ দায়িত্ব আছিল৷ মুখ্য নিৰ্বাচনী বিষয়াই জনিবলৈ দিয়া মতে ২৭ ছেপ্টেম্বৰত ৰাতিপুৱা ৯ বজাৰ পৰা ভোট গণনা হ’ব। শেষত বন্ধ বেলত বাকচ জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ তত্ত্বাৱধানত কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰক্ষী চকীলৈ লৈ যায়।