গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে নাকৰ এ+ গ্ৰেড

pc- the Sentinel assam

গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে নাকৰ এ+ গ্ৰেড

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ে আন এক সাফল্য়ৰে পুনৰ জিলিকি উঠিছে । নম্বৰ জাল কেলেংকাৰিক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম মহৎ প্ৰতিষ্ঠান হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিছে এটা সুখবৰ।উল্লেখ্য যে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্রীয় মূল্যাংকণ আৰু প্ৰত্যায়ন পৰিষদৰ (নাক) মূল্যায়ন আৰু স্বীকৃতিৰ চতুৰ্থ চক্ৰত এ+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হয় । এই খবৰে বিশ্ববিদ্যালয় পৰিয়ালৰ মাজত উৎসাহৰ ধল বোৱাই আহিছে ।বিতৰ্কৰ মাজতো বিশ্ববিদ্যালয়খনে লাভ কৰা এই স্বীকৃতিক লৈ সন্তুষ্টি প্রকাশ কৰিছে উপাচার্য ড° প্রতাপজ্যোতি সন্দিকৈয়ে। তেওঁ কয় যে নাকৰ তৰফৰ পৰা মুঠ ৭টা দিশ চালি-জাৰি চোৱাৰ পাছতহে এই স্বীকৃতি প্রদান কৰা হৈছে। বিশ্ববিদ্যালয়খনলৈ অহা এই স্বীকৃতিয়ে এয়াই প্রমাণ কৰে যে গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ বিতর্ক যিমানেই সৃষ্টি নহওক কিয়, বিশ্ববিদ্যালয়ৰ শৈক্ষিক মান এতিয়াও উন্নত হৈ আছে। অনাগত সময়তো গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ শৈক্ষিক মান অটুট ৰখাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কেতিয়াও নকৰে বুলি তেওঁ লগতে মন্তব্য কৰে।