গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ পুখুৰীত মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ জালুকবাৰীত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। জালুকবাৰীৰ শৰাইঘাট কলনীত উদ্ধাৰ হৈ মৃতদেহটো। উল্লেখ্য যে সাত মাইলৰ পৰা জালুকবাৰী অভিমুখী পথছোৱাৰ সোঁফালে থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰৰ পুখুৰীত এটা মৃতদেহ ওপঙি থকা প্রত্যক্ষ হয়। এই সন্দর্ভত স্থানীয় লোকে জালুকবাৰী আৰক্ষীক অৱগত কৰাৰ লগে লগে জালুকবাৰী আৰক্ষী আৰু এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হয়। এছডিআৰএফ বাহিনীয়ে অভিযান চলাই কিছু সময় পিছত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে বর্তমানলৈ জানিব পৰা হোৱা নাই মৃতদেহটোৰ পৰিচয়। জালুকবাৰী আৰক্ষীয়ে প্রাথমিক তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আনহাতে, জালুকবাৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
