গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু পাঠকৰ ভাষা প্ৰকাশনৰ পৰা “নাহৰৰ ছাঁ” গ্ৰন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৬ ডিচেম্বৰ ২০২২ তাৰিখ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু পাঠকৰ ভাষা প্ৰকাশনৰ পৰা “নাহৰৰ ছাঁ” নামৰ এখন অণুগল্প সংকলনৰ গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰতিষ্ঠিত ব্যৱসায়ী অমৃত কুমাৰ বুঢ়াগোহাঁই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানতোৰ আঁত ধৰে ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰী লেখক সমালোচক মুকুট শৰ্মাই। গ্ৰন্থ খন উন্মোচন কৰে প্ৰাগ নিউজ সংবাদ মাধ্যমৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞাই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক শংকৰ গোহাঁই, মহানগৰ কবি কাননৰ সভাপতি কলজিৎ কলিতা। ব্যতিক্ৰমী গ্ৰন্থখন উন্মোচন কৰি অতিথি সকলে এক সাৰুৱা ভাষণ আগবঢ়াই। এই সভাত উপস্থিত থাকি সভাৰ সৌন্দৰ্য্য বৰ্ধন কৰে লেখক পুলেন গোস্বামী, সুৰেন্দ্ৰ মহান দাস, পুলকেশ ৰায়বৰুৱা, হৰেকৃষ্ণ হালৈ, মুহিধৰ কলিতা, অঞ্জন গোস্বামী, অসীম শৰ্মা দেবর্ষি গৌতম, লেখিকা কাব্যশ্রী বৰপাত্ৰ, তানুশ্রী পাঠক আদিয়ে। গ্ৰন্থ খনৰ বিষয়ে দুষাৰ কোৱাৰ লগতে লেখক হিমাংশু পাঠকে এই ব্যতিক্ৰমী গ্ৰন্থখন পাঠক সমাজে আদৰি লব বুলি আশা প্ৰকাশ কৰিছে। গ্ৰন্থখনত প্ৰায় ৬০ টাৰো অধিক অণুগল্প সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ লগতে এই গ্ৰন্থখনত অণুগল্প সম্পৰ্কে এক সম্যক ধাৰণা প্ৰদান কৰা হৈছে আৰু অণুগল্প লিখাৰ কিছু নীতি নিয়মৰ বিষয়েও এক সুন্দৰ পৰ্যালোচনা আগবঢ়োৱা হৈছে। অণুগল্প লিখিবলৈ আগ্ৰহী সকলো লেখকৰ বাবে এই গ্ৰন্থখন এখন উপযোগী গ্ৰন্থ হিচাপে পৰিগণিত হব বুলি লেখকে আশাবাদী।