গুৱাহাটী প্ৰেছ ক্লাৱত “অনুৰ” ৰ পোষ্টাৰ মুকলি

গুৱাহাটী প্ৰেছ ক্লাৱত “অনুৰ” ৰ পোষ্টাৰ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে “কেকটাচ“ আৰু “কানীন নামৰ দুখন চলচ্চিত্র নির্মানৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “অনুৰ”(Eyes on the Sunshine) চলচ্চিত্রখনি সম্প্ৰতি মুক্তিৰ বাবে সাজু হৈ উঠিছে।আজি গুৱাহাটী প্ৰেছ ক্লাবত ছবিখনিৰ পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অভিনেত্ৰী ড° জাহানাৰা বেগমে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা, মলয়া গোস্বামী, পূৰ্ণিমা পাঠক শইকীয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰে অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনিৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় শিল্পী তৰালী শৰ্মাই। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে। সাজ সজ্জা গৰিমা শইকীয়া গাৰ্গৰ। মেকআপ আৰ্টিষ্ট তীব্ৰজ্যোতি বৈৰাগী। ছবিখনি সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। “অনুৰ” ত অভিনয় কৰিছে ক্ৰমে- বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস,ডা° জয়ন্ত দাস, আখ্যা জে.কাশ্যপ, ময়ূৰ জি.দাস, শ্ৰুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্ৰুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে। আনহাতে, ছবিখনিৰ পোষ্টাৰ মুকলি কৰি সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষণ প্ৰদান কৰি অসমীয়া ছবিৰ উত্থান, যুৱপ্ৰজন্মৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাণৰ বিষয়ে প্ৰশংসা কৰে। তদুপৰি, বিশিষ্ট ব্যক্তিসকল ক্ৰমে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা, মলয়া গোস্বামী আৰু পূৰ্ণিমা পাঠক শইকীয়াই ছবিখনিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে।