গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত কৰ্মকৰ্তাক সাক্ষাৎ বিজেপি নেতাৰ

গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত কৰ্মকৰ্তাক সাক্ষাৎ বিজেপি নেতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টিৰ মহাজনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰলৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস, মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা , পঙ্কজ বৰবৰা , ড° জুৰি শৰ্মা বৰদলৈ আৰু টিভি পেনেলিষ্ট স্হানীয় পাৰিষদ ৰত্না সিং সহিতে এটা সজাতি দলে গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হৈ গুৱাহাটী প্ৰেছ ক্লাবৰ নৱ নিৰ্বাচিত সভানেত্ৰী সুস্মিতা গোস্বামীৰ লগতে বিষয়ববীয়া সকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৯ বছৰীয়া সফল কৰ্মৰাজিৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ অসম চৰকাৰৰ ২ বছৰৰ সফলতা প্ৰতিবেদন প্ৰদান কৰে ৷ভাৰতীয় জনতা পাৰ্টি আৰু চৰকাৰ খনৰ উন্নয়ন বাতৰি সমূহ জনহিতকৰ আঁচনি সমূহৰ লগতে দলীয় কাৰ্যসূচী সমূহ প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে প্ৰতিজন সাংবাদিক বন্ধু বান্ধৱীক এই চেগতে ধন্যবাদ জ্ঞাপন জনায় অনাগত দিনত সহযোগিতা কামনা কৰে ৷