গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্বাচনী সন্দৰ্ভত এখন সংবাদ মেল অনুষ্ঠিত কৰে৷উক্ত সংবাদ মেলত নিৰ্বাচন সমিতিয়ে ঘোষণা কৰি কয় যে-গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১০ অক্টোবৰত,১১ অক্টোবৰত ভোট গণনা কৰা হ’ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব৷উল্লেখ্য,গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই ’আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাক অধ্যক্ষ হিচাপে লৈ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন সমিতি গঠন কৰা হৈছে৷সমিতিৰ আন ৪ গৰাকী সদস্য হৈছে-’দৈনিক অসম’ৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী,’প্ৰতিদিন টাইম’ৰ জ্যেষ্ঠ সাংবাদিক জিষু মেধি,এন ডি ২৪ ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী,ডি ৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বল্লভ হাজৰিকা৷নিৰ্বাচন সমিতিৰ অনুৰোধ মৰ্মে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে আইন উপদেষ্টা হিচাপে দায়িত্ব বহন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে৷৯ ছেপ্টেম্বৰত নিৰ্বাচন অধিসূচনা জাৰি কৰা হ’ব আৰু সেইদিনাৰ পৰা নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হ’ব৷১০,১১ আৰু ১২ ছেপ্টেম্বৰত পুৱা ১০ বজাৰ পৰা ১ বজালৈ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন সমিতিৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷১৪,১৫ আৰু ১৬ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে৷সেইদিনাই পুৱা ১০ বজাৰ পৰা ১ বজালৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব৷১৮ ছেপ্টেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব৷সেইদিনাই যোগ্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব৷২০ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব৷৮ অক্টোবৰত আবেলি ৪ বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব৷১০ অক্টোবৰত পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ গুৱাহাটী প্ৰেছ ক্লাবত ভোট গণনা হ’ব৷ ১১ অক্টোবৰত পুৱা ৯ বজাৰ পৰা ভোট গণনা কৰা হ’ব৷ভোট গণনাৰ পাছত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব৷আজিৰ সংবাদ মেলত ’আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা,’দৈনিক অসম’ৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী,’প্ৰতিদিন টাইম’ৰ জ্যেষ্ঠ সাংবাদিক জিষু মেধি,এন ডি ২৪ ’ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী,ডি ৱাই ৩৬৫ ৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বল্লভ হাজৰিকা সহ প্ৰায় ৩৫ জন মান লোক উপস্হিত আছিল৷