গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কবি ৰেখা বৰকটকীৰ গ্ৰন্থ “লহমা” উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কবি ৰেখা বৰকটকীৰ গ্ৰন্থ “লহমা” উন্মোচন

নয়নজ্যোতি তালুকদাৰ, গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক ভাষা প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিদেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কবি তথা লেখিকা যোৰহাটৰ ৰেখা বৰকটকীৰ উপন্যাস “লহমা ” উন্মোচন কৰে অসমৰ এগৰাকী বিশিষ্ট লেখক তথা ইতিহাস চৰ্চাকাৰী, বহু গ্ৰন্থৰ প্ৰণেতা তপন কুমাৰ শৰ্মাই ।গ্ৰন্থখন উন্মোচন কৰি তপন কুমাৰ শৰ্মাই তেখেতৰ ভাষণত ভাৰতীয় মানুহৰ জ্ঞান অন্বেষণ আৰু সাহিত্য-সংস্কৃতিৰ সৈতে ইউৰোপ-আমেৰিকাৰ জ্ঞান অন্বেষণৰ ক্ষেত্ৰত এক মনোজ্ঞ আলোচনা আগবঢ়ায়। লেখিকাৰ বুদ্ধিদীপ্ত লেখনিৰ ভূয়সী প্ৰশংসা কৰে। লগতে শৰ্মাই জ্ঞান অন্বেষণৰ বাবে সীমাৰ পৰিধি ভেদি সাত সাগৰ পাৰ হৈও জ্ঞান অন্বেষণ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞা। সহজ-সৰল ভাষাৰে মনোগ্ৰাহীকৈ লিখা “লহমা”ৰ জৰিয়তে, পাঠক সমাজে বহু নজনা কথা জানিব পাৰিব বুলি সাংবাদিকগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। আনহাতে উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কেইবাগৰাকীও গুণীজ্ঞানী ব্যক্তিয়ে গ্ৰন্থখনিৰ সম্পৰ্কত নিজৰ মতামত আগবঢ়াই ৷ বিশিষ্ট ঘোষিকা পল্লৱিকা মহন্তই আঁত ধৰা উক্ত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বৰ্ণালী দাসকে ধৰি কেইবাগৰাকীও গায়িকাই সংগীত পৰিবেশনেৰে পৰিবেশ জীপাল কৰি তোলে। ভাষা প্ৰকাশনৰ অধ্যক্ষ মুকুট শৰ্মাই এই গ্ৰন্থ উন্মোচনী সভাত অসমীয়া গ্ৰন্থৰ পাঠকৰ সীমাবদ্ধতাই অসমত এতিয়াও গ্ৰন্থ আন্দোলন গঢ় লৈ নুঠাৰ কাৰণ বুলি মত প্ৰকাশ কৰাৰ লগতে বিয়া বাৰু আদিত গ্ৰন্থ উপহাৰ দিবলৈ আহ্বান জনায় ৷ আনহাতে নিজ বক্তব্যত পশ্চিমীয়া দেশৰ মানুহৰ জ্ঞান লাভৰ তাড়নাক তুলনাবিহীন বুলি উল্লেখ কৰে লেখিকা ৰেখা বৰকটকীয়ে ৷ ভাষা প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত উক্ত “লহমা” শীৰ্ষক গ্ৰন্থখন অসম বুক ট্ৰাষ্ট পাণবজাৰ আৰু ডিগবৈৰ কলেজ ষ্ট’ৰ, ডিব্ৰুগড়ৰ কেইবাখনো বুক ষ্টল আদিত উপলব্ধ হ’ব বুলি জানিবলৈ দিছে ৷