গুৱাহাটী প্ৰেছ ক্লাবত ‘ৰাজনীতি এক অনিশ্চয়তাৰ খেল’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- ড° মামুন ইমদাদুল হক চৌধুৰীয়ে ৰচিত ‘ৰাজনীতি এক অনিশ্চয়তাৰ খেল’ নামৰ গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাবত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুয়ে উন্মোচন কৰে৷উল্লেখযোগ্য যে সাধাৰণতে উচ্চশিক্ষিত ব্যক্তিসকলে ৰাজনীতিৰ পৰা আঁতৰি উচ্চ পৰ্যায়ত চাকৰি কৰাই দেখা যায় ৷বৰ্তমান অসম ‘আপ’ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ড° মামুন ইমদাদুল হক চৌধুৰী৷ এইক্ষেত্ৰত অধিবক্তা তথা ডক্টৰেট ডিগ্ৰীধাৰী মামুন এগৰাকী ব্যতিক্ৰম লোক।তেওঁ লিখা মেলাৰ লগতে ৰাজনীতিৰ বিষয়ে গভীৰ জ্ঞান আছে ৷তেওঁৰ লেখনিৰ পৰা শিকিবলগীয়াও বহু কথা আছে। সেয়ে এই কিতাপখন হয়তো পঢ়ি বহু নজনা ৰাজনীতি বিষয়ক কথা জানিব পৰা যাব। গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট শিক্ষাবিদ ড° দীনেশ বৈশ্য, আপৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা ৰাম প্ৰসাদ শৰ্মা উপস্থিত থাকে৷