গুৱাহাটী প্ৰেছ ক্লাবত ‘সময়ৰ লেচেৰি বুটলি’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘সময়ৰ লেচেৰি বুটলি’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ অসম পৰিকল্পনা সেৱাৰ অৱসৰী বিষয়া সংস্থাৰ সৌজন্যত পৰিকল্পনা বিভাগৰ অৱসৰপ্রাপ্ত সঞ্চালক যোগেশ দাসৰ শেহতীয়া গ্রন্থ ” সময়ৰ লেছেৰি বুটলি ” গুৱাহাটী প্রেছ ক্লাৱত আনুস্থানিকভাৱে উন্মোচন কৰে অসমৰ প্রাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷উন্মোচনী ভাষণত সঞ্জয় কৃষ্ণদেৱে যোগেশ দাসৰ সাহিত্যকৃতিৰ শলাগ লয় আৰু তেওঁ অসমৰ বিভিন্ন সমস্যাৰ ওপৰত যোগেশ দাসে বুদ্ধিদীপ্তৰ আলোকপাত কৰা বুলি কয়৷ আন দুগৰাকী বিশিষ্ট অতিথি অদীপ কুমাৰ ফুকন আৰু দিলীপ চন্দনে যোগেশ দাসক এজন সাৰ্থক আৰু প্রতিষ্ঠ কবি হিচাপে অভিহিত কৰে৷ ” সময়ৰ লেছেৰি বুটলি ” ৰ যোগেদি যোগেশ দাসে অসমৰ জলন্ত সমস্যা সমূহৰ আলোকপাত কৰা বুলি কয় | দিলীপ চন্দনে অৱসৰী বিষয়া সংস্থাক অসমৰ Think Tank হিচাপে কাম কৰিবলৈ আহ্বান জনায়৷