গুৱাহাটী প্ৰেছ ক্লাবত সংস্কৃত ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ সংবাদ মেল

গুৱাহাটী প্ৰেছ ক্লাবত সংস্কৃত ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ সংবাদ মেল
কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব সংস্কৃত সন্মিলন
ড০ শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীলৈ মহেন্দ্ৰ কন্দলী বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- সংস্কৃত ভাৰতী, উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত সংস্কৃত সন্মিলনখন গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৮ আৰু ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংস্কৃত ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে সংস্কৃত ভাৰতী, উত্তৰ অসম প্ৰান্তৰ উপাধ্যক্ষ ড০ সুদেষ্ণা ভট্টাচাৰ্যই। তেওঁ লগতে কয়- সংস্কৃত ভাৰতৰ প্ৰায় সকলো ভাষাৰ মাতৃস্বৰূপা। এই ভাষা ভাৰতৰ ঐতিহ্যমণ্ডিত স্বর্ণিল ইতিহাস আৰু পৰম্পৰাৰ বাহক। সংস্কৃত ভাষা আৰু সংস্কৃতিয়ে ভাৰতক বিশ্ব দৰবাৰত উচ্চতম শিখৰলৈ লৈ যোৱাৰ সফল প্রচেষ্টা চলাইছে বুলি ক’লে অত্যুক্তি নহ’ব আৰু এয়াও অনস্বীকার্য যে ভাৰতক পুনৰ বিশ্বগুৰুৰ আসনত আৰোহণ কৰোৱাৰ প্ৰচেষ্টা আৰু প্ৰক্ৰিয়াত সংস্কৃত ভাষাৰ অৱদান অতুলনীয়। এই ভাষাৰ চৰ্চা, প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ অবিহনে ভাৰত আৰু ভাৰতীয়ৰ নিজৰ সত্তা হেৰুৱাই পেলাব। সংস্কৃত ভাৰতী উত্তৰ পূৰ্বাঞ্চলে সংস্কৃত ভাষা আৰু ইয়াৰ বিভিন্ন গ্রন্থসমূহৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে দৈনিক প্রচেষ্টা চলাই আহিছে। সেয়েহে বিশিষ্ট নাগৰিক, শিক্ষক, সংস্কৃত শিক্ষক, সংস্কৃত সেৱক, কাৰ্য্যকর্তা আৰু পণ্ডিত সকলোৱে একত্রিত হৈ গুৱাহাটীত এই বিশেষ সন্মিলনৰ আয়োজন কৰিছে।জ্ঞানৰ সূত্ৰ হিচাপে স্বীকৃত এই ভাষাটোৰ বিকাশ আৰু সম্প্ৰসাৰণ কৰাতো প্ৰতিজন ৰাষ্ট্ৰসাধকৰ দায়িত্ব। এই অনুষ্ঠানত সমুহ ৰাইজৰ আন্তৰিক উপস্থিতি, মার্গদর্শন তথা সহযোগিতা একান্তভাবে কামনা কৰা হ’ল। সংস্কৃত ভাষাৰ স্বাভিমান পুনৰুদ্ধাৰৰ দিশত এয়া নিশ্চয় এক অর্থপূর্ণ পদক্ষেপ বুলি বিবেচিত কৰা হ’ব।এই সন্মিলনখন প্ৰতি তিনিবছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হয়। ইয়াত শৈক্ষিক সাংগঠনিক আৰু সাংস্কৃতিক কার্যসূচী সমুহ সংস্কৃত ভাষাতে সঞ্চালন কৰা হ’ব। ইয়াৰ লগত সংগতি ৰাখি ‘সংস্কৃত বিজ্ঞান’ নামৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। এই সন্মিলনত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নগাভূমিৰ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচী অনুসৰি ১৮ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা সন্মিলনৰ শুভাৰম্ভ কৰা হয়। সিদিনা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।সিদিনা সন্ধিয়া সংস্কৃত ভাষাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে ১৯ জানুৱাৰীত অধ্যাপক, বিশিষ্ট সংস্কৃত পণ্ডিত ড০ শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীক মহেন্দ্ৰ কন্দলী বঁটা প্ৰদান কৰা হ’ব। এই বঁটাৰ সৈতে নগদ ধন ২০ হাজাৰ টকা, অংগবস্ত্ৰ দিয়া হ’ব। এই বঁটাৰ এইবাৰ দ্বিতীয় বাৰৰ বাবে প্ৰদান কৰা হ’ব।’ সংবাদ মেলত সংস্কৃত ভাৰতী, উত্তৰ অসম প্ৰান্তৰ উপাধ্যক্ষ ৰুক্ম গোঁহাই, সহ:মন্ত্ৰী ৰাজেন ভগৱতী, সংগঠন মন্ত্ৰী ভবেন শইকীয়া, গুৱাহাটী মহানগৰ সমিতিৰ মন্ত্ৰী, উদযাপন সমিতিৰ প্রচাৰ প্ৰমুখ ভাস্কৰ শৰ্মা উপস্থিত থাকে।