গুৱাহাটী প্ৰেছ ক্লাবত ‘শংকৰীয়ান প্লেইজ পঞ্চগাব্য’ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘শংকৰীয়ান প্লেইজ পঞ্চগাব্য’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা– আধুনিক নাটকত ভাওনা আৰু অংকীয়া নাটকত ভাওনা একে নহয়৷শংকৰদেৱ আৰু মাধৱদেৱৰ নাটকহে অংকীয়া নাট বুলি কোৱা হয়৷বাকীবোৰ নাটক ভাওনা বুলি কোৱা হয়৷ভাৰতীয় নাটকত মূল ৰস থাকে যদিও অংকীয়া নাটত তেনে ৰস নাথাকে৷-এই মন্তব্য বিশিষ্ট সমালোচক,প্ৰাক্তন অধ্যাপক ড° পোনা মহন্তৰ৷আকঁ বাক প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা দীপক ভূঞাৰ ‘শংকৰীয়ান প্লেইজ পঞ্চগাব্য’ গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰি ড° পোনা মহন্তই কয়-দীপক ভূঞাই নতুন চিন্তাৰে যি শংকৰী নাটৰ সংকলন প্ৰকাশ কৰিলে তাক আমি আদৰণি জনাইছোঁ৷এই গ্ৰন্থখন এখন দুভাষী গ্ৰন্হ৷এনে গ্ৰন্থ প্ৰকাশত উদ্যোগ লোৱাটো সকলোৰে বাবে ভাল খবৰ৷গ্ৰন্থখনত পাঁচখন নাটকৰ কথা উল্লেখ কৰিছে৷এইখন এখন ইতিহাসিক গ্ৰন্থ৷প্ৰত্যেকটো বিষয়ত টেকনিকেল টাৰ্ম আছে৷আমি নামক লৈ বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই৷আমাৰ কামহে হ’ব লাগে৷শিৱসাগৰ জিলাৰ অসম নাট্য সন্মিলনৰ সম্পাদক প্ৰশান্ত চেতিয়াই আঁত ধৰা সভাৰ প্ৰাৰম্ভণিতে বিশিষ্ট নাট্যকাৰ,পৰিচালক দুলাল ৰয়ে বন্তি প্ৰজ্বলন কৰে৷অভিনেতা অসীম কৃষ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট নাট্যকাৰ দুলাল ৰয়ে ভাষণত কয়- সত্ৰীয়া- শংকৰীক লৈ বিতৰ্কৰ মাজলৈ যোৱাৰ সময় উকলি গ’ল৷আধুনিক নাটকে হওক বা শংকৰদেৱৰ নাটকে হওক নাটক নকৰাকৈ নাটকৰ মূল্যায়ন কৰিব নোৱাৰে৷শংকৰদেৱৰ নাটক ধৰ্মক লৈ হোৱা বাবে শ্ৰেষ্ঠ৷ সভাত লেখক দীপক ভূঞাই ভাষণত কয়-আজিৰ অসমত বহুলভাৱে জনপ্ৰিয় তথাকথিত মাতৃভাষাৰ ভাওনা বিলাকো প্ৰকৃততে শংকৰী নাটক বুলি অভিহিত হোৱা উচিত৷অৰ্থাৎ অসমীয়া ভাষাৰ শংকৰী নাটক৷ভাওনা,অংকীয়া নাটক আদি শব্দৰ ব্যৱহাৰ অযুগুত৷ভাওনা,অংকীয়া নাটক বুলি অভিহিত কৰিলে কেৱল গুৰুজনাক অস্বীকাৰ কৰাই নহয়,বৰং তেৰাৰ সৃষ্টিকৰ্মক চূড়ান্ত অৱমাননা আৰু অস্বীকাৰ কৰাহে হয়৷সভাত অভিনেতা উপকূল বৰদলৈয়ে ভাষণত কয়- যি কৰা যাওক শুদ্ধ ৰূপত আমি উপস্থাপন কৰি গুৰুজনাক সন্মান জনাব লাগে৷গুৰুজনাক বাদ দি আমি আগুৱাই যাব নোৱাৰো৷সভাত বিশিষ্ট নাট্যকাৰ অৰূপ বৰঠাকুৰ,অসম নাট্য সন্মিলনৰ সাধাৰণ সম্পাদক গিৰিধৰ ৰায়,শিৱসাগৰ জিলাৰ অসম নাট্য সন্মিলনৰ সভাপতি সঞ্জীৱ বৰুৱা আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য,গুৰুজনাৰ অতি উচ্চতৰীয়া নাট্যশৈলী,যি নাট্যশৈলী বিশ্ব বৰেণ্য গুণৰ অধিকাৰী তেনে এক সম্পদক ভাওনা নামেৰে অভিহিত কৰি আমি আমাৰ অজ্ঞাতেই গুৰুজনাৰ নাট্য প্ৰতিভাক অবজ্ঞা কৰিছোঁ৷শেহতীয়াভাৱে বহুতো পণ্ডিতবৰ্গীয় লোকে শংকৰদেৱৰ নাটকক সত্ৰীয়াশৈলীৰ নাটক বুলি বিভিন্ন আলাপ আলোচনাত উল্লেখ কৰে৷শংকৰদেৱৰ নাটশৈলীক আমি শংকৰী নাট্যশৈলী বুলি অভিহিত কৰা উচিত৷মাধৱদেৱ,গোপালদেৱ প্ৰমুখ্য কৰি গুৰুজনাৰ দিনতে বা তেৰাৰ বৈকুন্ঠ প্ৰয়াণৰ পাছত যি সকলে নাট্য চৰ্চা,সাহিত্য চৰ্চা,সংগীত চৰ্চা কৰিছিল সেই সকলেও শংকৰী সাহিত্য,শংকৰী নাট্য,শংকৰী সংগীতৰহে চৰ্চা কৰিছিল৷যিহিতু সেইসকল গুৰুস্হানীয় লোক প্ৰকৃতাৰ্থত শংকৰী ধৰ্মৰ অনুগামী আছিল৷শংকৰদেৱে প্ৰতিষ্ঠা কৰা ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ সেই ধৰ্ম সংস্কৃতিৰ আওতাত থাকি গুৰুজনাৰ পৰাই শিল্প সাহিত্যৰ পাঠ লৈ যি শিল্প সাহিত্য চৰ্চা কৰিছিল,সেই শিল্প সাহিত্য নিঃসন্দেহে শংকৰী শিল্প সাহিত্য বুলি বিবেচিত হ’ব লাগে৷মাধৱদেৱ,গোপালদেৱ বিৰোচিত নাটসমূহো এই শংকৰী নাটৰে অন্তৰ্গত৷