গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- পষেকীয়া বৰ্তালোচনীো “মাটিৰ মানুহ’ৰ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত খগেন্দ্ৰজিৎ ঠাকুৰীয়াদেৱ, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া, জাতীয়তাবাদী নেতা হাচিবুৰ ৰহমান আৰু জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ। উন্মোচনী সভাৰ আৰম্ভণিতে হাৰ্ট’থ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় মাটিৰ মানুহৰ মুখ্য সম্পাদক ৰাজকুমাৰ বৈশ্যই। তেওঁ কয় মাটিৰ মানুহৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পথাৰ আৰু বজাৰ নিজৰ লগত ৰখা। অসমৰ মানুহক কৰ্মমুখী কৰি তোলা। আমাৰ খাদ্য সকলো স্তৰত বিষাক্ত হৈ পৰিছে। হাইব্ৰীড বীজ আৰু ৰাসায়নিক সাৰৰ গ্ৰাসৰ পৰা অসমৰ পথাৰ আৰু বজাৰ পুনাৰুদ্ধাৰৰ উদ্দেশ্য মাটিৰ মানুহৰ। আন্দোলন কৰি এটা জাতি জীয়াই নাথাকে, সকলোৱে হাতে কামে কৰিলেহে আৰু কৰ্মসংস্কৃতি গঢ়ি তুলিলেহে এটা জাতি জীয়াই থাকিব। ড০ দয়ানন্দ পাঠকে তেওঁৰ ভাষণ প্ৰসংগত কয় যে অসমীয়া মানুহৰ মৃত্যু বাসনা উগ্ৰ হৈ পৰিছে। সেয়ে অসমৰ দৰে এখন সাৰুৱা মাটিৰ ৰাজ্যত অবাধ হাৰত ৰাসায়নিক সাৰ খেতি পথাৰত ব্যৱহাৰ কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ কাব্যতো অসমৰ গছ-গছনি, মাটিৰ কথা সুন্দৰ ভাৱে বৰ্ণনা আছে। সেই কথা আমি অনুধাৱন কৰা নাই। তাক অনুধাৱন কৰা অতি প্ৰয়োজন। লগতে আন এক প্ৰসংগত কয় যে অসমৰ প্ৰথম শিশু সাহিত্যিক আছিল মহাপুৰুষ মাধৱদেৱ। অসমৰ প্ৰথম সম্পাদকো আছিল মাধৱদেৱ। তেঁও কীৰ্ত্তন-ঘোষা প্ৰকাশ কৰিছিল। এনে বহু কথা আছে, যিবোৰ অসমীয়া জাতিয়ে বিশ্লেষণ কৰা প্ৰয়োজন আছে। ব্ৰিটিছসকলে অসমৰ গাঁওসমূহত গৰুৰ বাবে চৰণীয়া পথাৰ ৰাখিছিল। কিন্তু অসমৰ বিষয়াসকলে সেই মাটিসমূহ খণ্ড খণ্ড কৈ বিক্ৰী কৰিছিল। মাটিৰ মানুহ আমি হৈ আছোঁ নে? আমি এতিয়া মাটিৰ সৈতে ছিন্ন হৈ পৰিছোঁ। মাটিৰ সৈতে ছিন্ন হৈ পৰা এটা জাতিৰ ভৱিষ্যত কি হ’ব? মাটিৰ মানুহৰ আন্দোলন বৃহৎৰূপে গঢ়ি তুলিব লাগিব। কিয়নো এতিয়া দৈনিক ৰাসায়নিক সাৰেৰে উৎপাদন কৰা খাদ্য গ্ৰহণ কৰি আহিছোঁ। জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে এই পষেকীয়া বৰ্তালোচনীখনে জৈৱিক কৃষিত গুৰুত্ব আৰোপ কৰি আহিছে। অতি আধুনিকতালৈ গতি কৰাৰ ফলত আমাৰ শৰীৰ ৰুগীয়া হৈ পৰিছে। আমাৰ খাদ্য সামগ্ৰীসমূহ বিষাক্ত হৈ পৰিছে। এনে ক্ষেত্ৰত এই আলোচনীখনে জৈৱিক কৃষিক উদ্গনি যোগায় আহিছে। আনহাতে, খগেন্দ্ৰজিৎ ঠাকুৰীয়াই কয় যে অসমৰ অধিকসংখ্যক লোক কৃষি ক্ষেত্ৰৰ সৈতে জড়িত। সেই বাবে প্ৰয়াত নিবাৰণ বৰাই ‘মাটিৰ মানুহ’ৰ জৰিয়তে অসমৰ জনতাক কৃষিৰ প্ৰতি সজাগ সচেতন কৰাৰ চেষ্টা চলাইছিল। তেওঁ জৈৱিক কৃষিক প্ৰাধান্য দিছিল। অসমৰ জনতাক ৰোগ মুক্ত কৰি ৰখাৰ চিন্তাৰে এই আলোনীখন ১৯৯২ চনত জন্ম দিছিল। বৰ্তমান অসমৰ বজাৰ ভেজাল খাদ্য সামগ্ৰীৰে ভৰি পৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জৈৱিক কৃষিত আমি সকলোৱে গুৰুত্ব দিব লাগিব। জৈৱিক কৃষি পদ্ধতিত উৎপাদন কৰা খাদ্য-সামগ্ৰীৰ মূল্য ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা সামগ্ৰীত অলপ মূল্য অধিক যদিও স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি জৈৱিক কৃষিৰ খাদ্য গ্ৰহণ কৰিব লাগে। একেদৰে হাচিবোৰ ৰহমানে কয় যে এই আলোচনীখনে জৈৱিক কৃষিৰ ক্ষেত্ৰত এক জাগৰণ সৃষ্টি কৰিছে। আমি সকলোৱে জৈৱিক কৃষিক গুৰুত্ব দিব লাগে। জনজাগৰণ সৃষ্টি কৰি আলোচনীখন লক্ষ্য আৰু উদ্দেশ্য গাঁৱলৈ কঢ়িয়াই লৈ যাব লাগে। আনহাতে, দিগন্ত কুমাৰ নাথে কয় যে প্ৰকৃত মাটিৰ মানুহ আছিল সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ। মাটিৰ মানুহৰ যুঁজখন গাঁওলৈ কঢ়িয়াই লৈ যাব লাগে। জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথে কয় মাটিৰ মানুহে মাটিৰ মানুহ সৃষ্টি কৰাৰ বাবে আগবাঢ়ি আহিব লাগে। মাটিৰ মানুহৰ উপ সভাপতি ইউচুফ আলীয়ে কয় যে মাটিৰ মানুহে ৰাসায়নিক সাৰৰ বিৰুদ্ধে এক আন্দোলন আৰম্ভ কৰিছে। মাটিৰ মানুহে প্ৰকৃত মাটিৰ মানুহ চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকক উৎসাহ আৰু উদ্গনি যোগাব লাগিব। মুখ্য সাংগঠনিক সম্পাদক মহৎ চলিহাই কয় যে মাটিৰ মানুহে সকলোকে জৈৱিক কৃষিৰ কৰাৰ ক্ষেত্ৰত উদগনি যোগাব লাগে। যুৱ নেতা জিণ্টু ডেকাই কয় যে মাটিৰ মানুহে এক নতুনত্ব সৃষ্টি কৰিছে। ইয়াৰ নেতৃত্বত আছে ৰাজকুমাৰ বৈশ্যই। তেওঁ মাটিৰ মানুহ সংগঠন জন্ম দি নতুনত্ব সৃষ্টি কৰিছে। হাতে কামে নামি পৰিছে সংগঠনটো। যুবনেতা শুক্লেশ্বৰ দাস, কাৰ্যকৰী সভাপতি দিপক মেনা, ডিব্ৰুগড়ৰ মিৰ্জা বৰা, বিজুলি ঘাটৰ প্ৰফুল্ল দাস, একালৰ সংগ্ৰামী নেতা তথা আদৰ্শ খেতিয়ক দিগন্ত শৰণীয়া,
মাটিৰ মানুহৰ পৰবৰ্তী সংখ্যা গোৱালপাৰা চহৰত উন্মোচন হ’ব।