গুৱাহাটী প্ৰেছ ক্লাবত ‘মইনাহঁতৰ পদ্য’ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘মইনাহঁতৰ পদ্য’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এগৰাকী জনপ্ৰিয় শিশু -সাহিত্যিক তথা অকণি সাহিত্য সভাৰ ‘শিশু সাহিত্য বঁটা’ প্ৰাপক সুৰেন্দ্ৰ মোহন দাসৰ এখন শিশু -পদ্য পুথি ‘মইনাহঁতৰ পদ্য’ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।অনুষ্ঠানত বিশিষ্ট কবি ড° নন্দ সিং বৰকলা, সাহিত্য সমালোচক জ্যোতি খাটনিয়াৰ, প্ৰকাশক মুকুট শৰ্মা,লেখক,সাংবাদিক যুগললোচন দাসকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকি গ্ৰন্হখন উন্মোচন কৰে৷ ৩০ টা ৰসাল ছন্দোবদ্ধ পদ্যৰ সংকলনখনিৰ প্ৰতিটো পদ্যৰ ছবিবোৰ সুন্দৰকৈ আঁকি সজাই তুলিছে লেখকে নিজেই। সুন্দৰ ছপা আৰু আকৰ্ষণীয় বেটুপাতৰ ‘মইনাহঁতৰ পদ্য ‘ শিশুৱেই নহয় সকলোৱেই পঢ়ি আনন্দ পাব। সভাত তিনিগৰাকী শিশু – পদ্য লেখক যোগানন্দ মহন্ত, হৰি চন্দ্ৰ ডেকা, যুতিকা শৰ্মা উপস্হিত থাকে৷